ৰাজ্যত আজিৰ পৰা মিছন বসুন্ধৰা তৃতীয় সংস্কৰণ আৰম্ভ হ’ব। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমিহীন লোকক ভূমি প্রদান, দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত আবেদন কৰা লোকসকলৰ স্থগিত ৰখা আবেদনসমূহ পুনৰীক্ষণ, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্রিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণৰ কাম আৰম্ভ কৰা, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তীকালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্রেণী পৰিৱৰ্তন, চাহ অনুদান ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন আৰু পট্টা প্ৰদান আদি কাৰ্যসূচী হাতত লোৱা হ’ব। এই সেৱাসমূহৰ দ্বাৰা উপকৃত হ’বলৈ sewasetu.assam.gov.in-ত আবেদন কৰিব পাৰিব অথবা নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ গৈ আবেদন প্রক্রিয়া সম্পন্ন কৰিব পাৰিব।
Site Admin | October 20, 2024 11:46 AM | Mission basundhara 3