ডাউনলোড
মোবাইল এপ

android apple
signal

February 9, 2025 12:15 PM | Advantage Assam 2.0

printer

অসমক অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

অসমক অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ চুকুলিভৰীয়াত কালি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাজ্যজুৰি গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে আয়োজিত জিলা পৰ্যায়ৰ কৰ্মশালাত সভাপতিত্ব কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই দৃষ্টিভংগীৰ দিশৰ পৰা জিলা পৰ্যায়ৰ কৰ্মশালাখন অতিকে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয়, যে বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ লখিমপুৰ, ধেমাজী আৰু মাজুলি জিলালৈ আদৰণি জনাবলৈ তেওঁলোকে আগ্ৰহেৰে বাট চাই আছে। কর্মশালাত অংশ লৈ বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই স্থানীয় উদ্যমীসকলক এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণত অংশ গ্ৰহণ কৰিবলৈ আৰু অঞ্চলটোত উদ্যমশীলতাৰ বাবে অনুকুল বাতাবৰণ গঢ়ি তুলিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক