বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে তেওঁৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ প্ৰথম দিনা কালি কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে শ্রী গোৱেলে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক লৈ অষ্ট্ৰেলিয়াৰ বাণিজ্য পৰিষদে আয়োজন কৰা এখন বাণিজ্য মেজমেলতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দেশখনৰ বাণিজ্যৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰা লোকসকলক ভাৰতত বাণিজ্য ক্ষেত্ৰৰ বিভিন্ন সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দেশখনৰ পেঞ্চন পুঁজিৰ জ্যেষ্ঠ প্রতিনিধিসকলক সাক্ষাৎ কৰে। এই আলোচনাত বিনিয়োগকাৰীসকলক সুযোগ দিয়াৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি আৰু সংস্কাৰ কাৰ্যসূচীয়েও স্থান পায়। এই বৈঠকত শ্ৰী গোৱেলে নৱীকৰণযোগ্য শক্তি, নির্মাণখণ্ড, শিক্ষা, বিত্ত প্রযুক্তি আৰু কৃষি প্ৰযুক্তিৰ দৰে ভাৰতীয় বজাৰৰ সম্ভাৱনাময় ক্ষেত্ৰসমূহত অধিক বিনিয়োগৰ বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ছিডনি ক্রিকেট গ্রাউণ্ডত ভাৰতীয় মূলৰ লোকসকলৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। তেওঁ ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্কৰ ক্ষেত্ৰত এই লোকসকলে আগবঢ়োৱা অৱদানক প্ৰশংসা কৰি দ্বিপাক্ষীক সম্পৰ্কক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে অৱদান আগবঢ়াই যাব বুলি আশা প্রকাশ কৰে।
Site Admin | September 24, 2024 11:58 AM | Piyush Goyal visit