অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে দেশখনৰ প্ৰধান বিমান বন্দৰসমূহত আৰম্ভ কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি কৰা হৈছে। সংবাদ সংস্থাসমূহৰ বাতৰি অনুসৰি চিডনী, মেলবৰ্ণ আৰু ব্ৰীজবেন বিমান বন্দৰত ডিনাতা নামৰ বিমানসেৱা কোম্পানীটোৱে নিয়োগ কৰা এহেজাৰৰো অধিক কৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া দৰমহা বিবাদ নিষ্পত্তিৰ দাবীত আজি ৪ ঘণ্টাৰ বাবে কৰ্মবিৰতি পালন কৰে। অষ্ট্ৰেলিয়াৰ অগ্ৰণী বিমান পৰিবহন সংস্থা কোৱাণ্টাজে জনোৱা মতে, এই ধৰ্মঘটৰ ফলত তেওঁলোকৰ ঘৰুৱা সেৱা ব্যাহত হোৱা নাই যদিও চিডনী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অষ্ট্ৰেলিয়াৰ পৰিবহন শ্রমিক সংঘৰ ৰাষ্ট্ৰীয় সচিব মাইকেল কেইনে কয়, যে গ্রাউণ্ড কৰ্মচাৰীসকলে দৰমহা বিবাদৰ সমাধানৰ বাবে এবছৰতকৈ অধিক সময় আলোচনা চলাই আহিছিল যদিও কৰ্তৃপক্ষই তেওঁলোকৰ দাবী মানি নোলোৱাত উপায়ন্তৰ হৈ তেওঁলোকে ধৰ্মঘট কৰিবলৈ বাধ্য হৈছে। চিডনী বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই ধৰ্মঘটৰ প্ৰভাৱ কম কৰাৰ বাবে তেওঁলোক বিমান পৰিবহন সংস্থাসমূহক সহায় কৰিবলৈ প্ৰস্তুত আছে। দেশখনৰ বিমানযাত্ৰীসকলক বিমান সংস্থাসমূহৰ পৰা বিমান সেৱা সম্পৰ্কীয় বাৰ্তাৰ বাবে সজাগ হৈ থাকিবলৈ অষ্ট্ৰেলিয়াৰ বিমান বন্দৰ কৰ্তৃপক্ষই আহ্বান জনাইছে।
Site Admin | January 24, 2025 7:58 PM | Akashvani | Flight
অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে প্ৰধান বিমান বন্দৰসমূহত কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি
