ডাউনলোড
মোবাইল এপ

android apple
signal

অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। আজি বিয়লি ৫ বজাত পানাৰ্জীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূর্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়, ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগম-এন এফ ডি চি আৰু গোৱা চৰকাৰৰ অধীনস্থ গোৱা বিনোদন চছাইটিৰ উদ্যোগত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০খন ছবি প্রদর্শিত হ’ব। বিভিন্ন শিতানত এইবাৰ প্ৰায় ৪০০ ছবি প্রদর্শিত হ’ব। ইয়াৰ ভিতৰত বিশ্বৰ ৮১খন দেশক প্ৰতিনিধিত্ব কৰা ১৮০খন বিদেশী ছবি আছে। এইবাৰৰ মহোৎসৱত অষ্ট্ৰেলিয়াক মূল দেশৰূপে স্বীকৃতি দিয়া হৈছে আৰু অষ্ট্ৰেলিয়াৰ কিংবদন্তি ছবি নির্দেশক ফিলিপ ন’য়ছক এই মহোৎসৱতে সন্মানীয় সত্যজিৎ ৰায় জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব। চলচ্চিত্ৰ মহোৎসৱৰ মূল আকৰ্ষণ আন্তর্জাতিক ছবিৰ প্ৰতিযোগিতা শাখাত বিভিন্ন দেশৰ ১৫খন ছবিক অন্তৰ্ভুক্ত কৰা হৈছে। সৰ্বশ্ৰেষ্ঠ বিবেচিত হোৱা ছবিখনক গল্ডেন পিকক আৰু নগদ ৪০ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব। ইণ্ডিয়ান পেনৰামা শাখাত অন্তৰ্ভুক্ত ছবিৰ ভিতৰত হিন্দী ছবি স্বতন্ত্ৰ বীৰ চাভাৰকাৰ, লাডাখী ছবি ঘৰ জেচা কুছ, আৰ্টিক’ল থ্রি ছেভেনণ্টি, টুৱেল্ভ ফেইলও আছে। আনহাতে, আই চি এছ পি ইউনেস্কো শাখাত অসমীয়া ছবি জুইফুল, বাংলা ছবি আমাৰ বছ আৰু হিন্দী ছবি শ্রীকান্ত অন্তৰ্ভুক্ত হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰতিদিনৰ বা-বাতৰি বিস্তৃতভাৱে প্ৰচাৰ কৰাৰ ব্যৱস্থা লৈছে। মহোৎসৱৰ আজিৰ অনুষ্ঠান সম্পর্কত বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদে গোৱাৰ পৰা পঠিওৱা পোনপটীয়া প্ৰতিবেদন কাইলৈ পুৱা ৯ বজাৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক