লোকসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ অব্যাহত

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ আজি দ্বিতীয় দিনাও নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ অব্যাহত আছে। আজি পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ এডভোকেট গোৱাল কাগড়াই হিন্দীত শপত লয়। আজি শপত গ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত কংগ্ৰেছৰ বছৱ শোভা, বিজেপিৰ স্মিতা উদয় বাঘ, অনুপ সঞ্জয় ধোত্রেই, কংগ্ৰেছৰ বলৱন্ত বাসৱন্ত ৱানখেড়ে, এন চি পিৰ শাৰদ পাৱাৰ গোটৰ অমৰ শৰদৰাৱ কালে, কংগ্ৰেছৰ শ্যাম কুমাৰ দৌলত বাৰৱে, শিৱসেনাৰ ড° শ্রীকান্ত একনাথ সিন্দে, নৰেশ গণপত মহস্কে আৰু অন্যান্যসকলে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে কালি মুঠ ২৬৬ গৰাকী সাংসদে শপত লৈছিল। আজি বাকী সাংসদসকলে শপত ল’ব।

অধিক পঢ়ক

সকলো চাওক