ডাউনলোড
মোবাইল এপ

android apple
signal

অষ্টাদশ লোকসভাৰ আজি অধ্যক্ষ পদৰ নিৰ্বাচন

অষ্টাদশ লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন আজি অনুষ্ঠিত হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা যোৱাবাৰৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলা এইবাৰো এন ডি এ মিত্ৰজোঁটৰ এই পদৰ প্ৰাৰ্থী হ’ব। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন পত্র দাখিল কৰে। ব্যস্ততাপূর্ণ আলোচনা সত্ত্বেও চৰকাৰ আৰু বিৰোধী পক্ষ অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যর্থ হয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাৰ অধ্যক্ষ সৰ্বসন্মতভাৱে আৰু বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব লাগে বুলি প্ৰকাশ কৰিছে। সংবাদ ভৱন চৌহদত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীৰিজিজুৱে কয় যে, স্বাধীনতাৰ পাছৰে পৰা এতিয়ালৈকে লোকসভাৰ অধ্যক্ষ পদৰ বাবে নির্বাচন অনুষ্ঠিত হোৱা নাই। তেওঁ কয় যে, চৰকাৰে লোকসভাৰ অধ্যক্ষৰ নামক লৈ সহমত গঢ়ি তোলাৰ বাবে লোকসভাত বিভিন্ন দলৰ নেতাসকলৰ সৈতে আলোচনা কৰিছে। তেওঁ কয় যে, কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী পক্ষই অৱশ্যে এই ক্ষেত্ৰত চৰ্ত আৰোপ কৰিছে আৰু উপাধ্যক্ষৰ পদ দাবী কৰিছে। সহমত চর্তসাপেক্ষ হ’ব নালাগে বুলি উল্লেখ কৰি শ্ৰীৰিজিজুৱে কয় যে তেওঁলোক উপাধ্যক্ষৰ বাছনিক লৈ সুকীয়া সিদ্ধান্তত উপনীত হোৱাৰ বাবে সাজু আছে। মন্ত্ৰীগৰাকীয়ে বিৰোধী পক্ষক তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই কয় যে অধ্যক্ষ পদৰ বাবে নির্বাচন অনুষ্ঠিত হোৱা উচিত নহয়, কিয়নো এই পদ কোনো দলৰ নহয়। ইপিনে, কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেলে কালি সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু পীয়ূষ গোৱেলে কংগ্ৰেছ দলৰ নেতা কে চি বেণুগোপাল আৰু ডি এম কেৰ টি আৰ বালুৰ সৈতে বিষয়টো সন্দৰ্ভত বৈঠকত মিলিত হয় যদিও বিৰোধী পক্ষই শ্ৰীবিৰলাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ পূৰ্বে উপাধ্যক্ষৰ নাম ঘোষণা কৰাৰ দাবীক লৈ অটল হৈ থাকে । শ্ৰীগোৱেলে কয় যে বিৰোধী পক্ষক উপাধ্যক্ষৰ বিষয়টো নিৰ্বাচনৰ সময়ত সমাধান কৰা হ’ব বুলি অৱগত কৰোৱা হয়। আনহাতে, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় যে বিৰোধী পক্ষ অধ্যক্ষ পদৰ প্ৰাৰ্থীলৈ সমৰ্থন আগবঢ়াবলৈ সাজু কিন্তু ইয়াৰ বাবে উপাধ্যক্ষ পদৰ প্ৰাৰ্থীগৰাকী বিৰোধী পক্ষৰ হ’ব লাগিব।

অষ্টাদশ লোকসভাৰ অধিবেশনৰ দ্বিতীয় দিনা কালি কেইবাগৰাকীও নৱনিৰ্বাচিত সদস্যই শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত এন চি পি শাৰদ পাৱাৰ গোটৰ সুপ্রিয়া ছুলে আৰু আমোল খোলে, শিৱসেনা সিন্দে গোটৰ ড° শ্রীকান্ত সিন্দে, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰছেৰ সাংসদ চৰণজিত সিং চান্নি, শিৰোমণি আকালি দলৰ হৰচিমৰত কৌৰ বাদাল ইত্যাদি অন্যতম।

অধিক পঢ়ক

সকলো চাওক