অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে ওম বিৰলাক প্ৰক্ষেপ বিজেপিৰ

বিজেপিয়ে দলটোৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ ওম বিৰলাক অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্রার্থী হিচাপে বাচনি কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে চৰকাৰ আৰু বিৰোধী পক্ষই অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যর্থ হয়। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে কয় যে কেন্দ্রীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু পীয়ুষ গোৱেলে কংগ্ৰেছ দলৰ নেতা কে চি বেণুগোপাল আৰু ডি এম কেৰ টি আৰ বালুৰ সৈতে বিষয়টো সন্দৰ্ভত বৈঠকত মিলিত হয় যদিও বিৰোধী পক্ষই শ্ৰী বিৰলাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ পূৰ্বে উপাধ্যক্ষৰ নাম ঘোষণা কৰাৰ দাবীক লৈ অটল হৈ থাকে। শ্ৰী গোৱেলে কয় যে বিৰোধী পক্ষক উপাধ্যক্ষ নিৰ্বাচনৰ সময়ত বিষয়টো লৈ আলোচনা কৰা হ’ব বুলি অৱগত কৰোৱা হয়। তেওঁ কয় যে বিৰোধী পক্ষই অধ্যক্ষৰ নিৰ্বাচনক লৈ আগবঢ়োৱা চৰ্তসমূহ চৰকাৰে প্ৰত্যাখ্যান কৰে। ইফালে, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় যে বিৰোধী পক্ষ অধ্যক্ষ পদৰ প্ৰাৰ্থীলৈ সমৰ্থন আগবঢ়াবলৈ সাজু কিন্তু এনে হ’লে উপাধ্যক্ষ পদৰ প্ৰাৰ্থীৰ্গৰাকী বিৰোধী পক্ষৰ হ’ব লাগিব। সংসদ ভৱন চৌহদত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে ৰাজনাথ সিঙে মল্লিকার্জুন খাৰ্গেক সাক্ষাৎ কৰিছে আৰু অধ্যক্ষ পদৰ বাবে সমর্থন আগবঢ়াবলৈ আহ্বান জনাইছে।
ইপিনে অষ্টাদশ লোকসভাৰ অধিবেশনৰ আজি দ্বিতীয় দিনাও কেইবাগৰাকীও নৱনিৰ্বাচিত সদস্যই শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত এন চি পি শাৰদ পাৱাৰ গোটৰ সুপ্রিয়া ছুলে আৰু আমোল খোলে, শিৱসেনা সিন্দে গোটৰ ড০ শ্রীকান্ত সিন্দে, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰছেৰ সাংসদ চৰণজিত সিং চান্নি, শিৰোমণি আকালি দলৰ হৰচিমৰত কৌৰ বাদাল ইত্যাদি অন্যতম। উল্লেখযোগ্য যে কালি ২৬৬ গৰাকী সাংসদে শপত গ্ৰহণ কৰিছিল আৰু বাকী সকলে আজি শপত গ্ৰহণ কৰে। কাইলৈ সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক