ডাউনলোড
মোবাইল এপ

android apple
signal

January 10, 2025 12:58 PM | Prez Visit

printer

অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰৰ জনতা ময়দানত চলি থকা অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ভাগ ল’ব। যোৱানিশা ভূৱনেশ্বৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মিলনত সমবেত হোৱা প্ৰায় ৭৫ খন দেশৰ প্ৰৱাসী ভাৰতীয় সকলক উদ্দেশ্য কৰি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে একাংশ প্ৰৱাসী ভাৰতীয়ক প্ৰৱাসী ভাৰতীয় সন্মানেৰে বিভূষিত কৰিব। এই সন্মান কোনো প্ৰৱাসী ভাৰতীয়, ভাৰতীয় মূলৰ ব্যক্তি অথবা এন আৰ আই বা পি আই অ’ৰ দ্বাৰা স্থাপন কৰা কোনো সংগঠন বা সংস্থাক প্ৰদান কৰা সর্বোচ্চ সন্মান। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি কেন্দ্ৰীয় চৰকাৰ আৰু ওড়িশা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰি এই তিনিদিনীয়া সন্মিলন আনুষ্ঠানিকভাৱে মুকলি কৰে। বুধবাৰে আৰম্ভ হোৱা এই তিনিদিনীয়া সন্মিলনৰ আজি অন্তিম দিন।

অধিক পঢ়ক

সকলো চাওক