কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে বুলি আজি উত্তৰ পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজিৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। প্রধানমন্ত্ৰীয়ে কালি মুকলি কৰা ৩ দিনীয়া এই মহোৎসৱত ২৫০গৰাকীৰো অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্ৰ, উদ্যানশস্যৰ উপৰি ৩৪ বিধ ভৌগলিক সূচ্যাংক অর্থাৎ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। মহোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে ক্রেতা বিক্ৰেতাৰ সন্মিলন, ফেশ্বন শ্বো আদিও অনুষ্ঠিত হৈছে। আজিৰ অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই অংশ লৈ এই মহোৎসৱে বিভিন্ন ক্ষেত্ৰৰ লোকসকলক একত্ৰিত কৰিবলৈ সমৰ্থ হোৱা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, প্রধানমন্ত্রীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰি দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অপাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছিল। গুৱাহাটী, আগৰতলা, গেংটক, আইজল, শ্বিলং, ইটানগৰ আৰু কহিমাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ ভালেমান চহৰৰ মহানগৰসমূহৰ দৰে বৃহৎ সম্ভাৱনা আছে বুলিও শ্রীমোদীয়ে মন্তব্য কৰিছিল। অষ্টলক্ষ্মী মহোৎসৱৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে প্ৰথম আৰু অনন্য এই মহোৎসৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিনিয়োগৰ অপাৰ সুযোগ মুকলি কৰিব বুলিও আশা প্রকাশ কৰিছিল। কাইলৈ মহোৎসৱৰ সামৰণি পৰিব।
Site Admin | December 7, 2024 7:38 PM | Ashokastami Day | ashtalakshmi bharat mandapam