ডাউনলোড
মোবাইল এপ

android apple
signal

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ফিফা টেলেণ্ট একাডেমীলৈ শিৱসাগৰৰ ৰেহান আহমেদ নিৰ্বাচিত

শিৱসাগৰৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ ৰেহান আহমেদ অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ফিফা টেলেণ্ট একাডেমীলৈ নিৰ্বাচিত হৈছে। ভুবনেশ্বৰত থকা এই একাডেমীলৈ নিৰ্বাচিত হোৱা ৰেহান অসমৰ একমাত্ৰ ফুটবল খেলুৱৈ। ৰেহানে এই একাডেমীত তিনি বছৰৰ বাবে ফুটবলৰ উচ্চ প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ পাব। উল্লেখযোগ্য যে, ভিছন ২০৪৭ৰ অধীনত দেশৰ ফুটবল দলক নতুন ৰূপত গঢ়ি তোলাৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে এটি ৰোডমেপ তৈয়াৰ কৰিছে। এই ৰোডমেপৰ অধীনতে ৰেহানৰ দৰে প্ৰতিভাবান খেলুৱৈৰ সন্ধান কৰি ভাৰতীয় ফুটবলক সমৃদ্ধ কৰাৰ অভিযান আৰম্ভ কৰিছে। ১৪ বছৰ অনুৰ্ধৰ অসম দলৰ ফৰোৱাৰ্ড পজিছনৰ খেলুৱৈ ৰেহান আহমেদে ২০১২ চনৰ পৰা শিৱসাগৰ শিশু ফুটবল প্রশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ৰেহানৰ এই বিশেষ সফলতাত শিৱসাগৰবাসী উৎফুল্লিত হৈছে।

অধিক পঢ়ক

সকলো চাওক