অর্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানত ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ বাবে দেশবাসীয়ে একতা আৰু ত্যাগেৰে কৰা সংগ্ৰাম আৰু সংকল্পৰ দৰেই আজি ১৪০ কোটি দেশবাসীয়েও সেৱা আগবঢ়ালে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ’ব বুলি আস্থা প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে কয় যে, চৰকাৰে ৰাষ্ট্ৰ প্ৰথম নীতিৰ আধাৰত বিকাশৰ বাবে বিভিন্ন সংস্কাৰ সাধন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজি অর্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উনুকিয়াই কয় যে দেশে অর্ধপৰিবাহী সামগ্ৰীৰ ক্ষেত্ৰত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে প্রযুক্তিগত উপলভ্যতা উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে নির্মাণ, গেমিং আৰু ডিজাইনিঙকে ধৰি প্ৰায় সকলো খণ্ডতে ন ন উদ্ভাৱনৰ জৰিয়তে ভাৰতক বিশ্ব নেতৃত্ব হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্রাচীন নালন্দা বিশ্ববিদ্যালয়ক পুনৰুজ্জীৱিত কৰি তোলাৰ বিষয়ে আলোকপাত কৰি কয় যে উচ্চ শিক্ষা আৰু গৱেষণাৰ কেন্দ্ৰ হিচাপে দেশক সমগ্ৰ বিশ্বৰে শিক্ষাৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হ’ব।

অধিক পঢ়ক

সকলো চাওক