June 23, 2024 7:26 PM | Ambubachi Mela

printer

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ অব্যাহত আছে। অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিনা বিভিন্ন বেশ-ভূষাৰ সাধু, সন্নাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল- মাখল পৰিবেশে বিৰাজ কৰিছে। কামাখ্যা মন্দিৰৰ দলৈ কবিন্দ প্ৰসাদ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কালিৰ দিনটোত ১ লাখৰ পৰা ডেৰ লাখ ভক্তৰ সমাগম হয়। আজি বন্ধৰ বাৰ হোৱা বাবে ভক্তৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি হোৱা বুলি তেওঁ জানিবলৈ দিয়ে। অম্বুবাচী মেলা পৰিচালনা সমিতি আৰু আৰক্ষী প্ৰশাসনে বান্ধি দিয়া নীতি- নিয়মসমূহ সকলোকে মানি চলিবলৈ তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে প্রকাশ কৰা মতে অহা ৩০ জুনলৈ কোনোধৰণৰ ভি আই পি, ভি ভি আই পিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা ৰখা হোৱা নাই। একেদৰে ২৬ আৰু ২৭ জুনত বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা ৮ বজা পর্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা ৯ বজা পর্যন্ত খোলা থাকিব। অম্বুবাচী মেলাৰ বাবে প্ৰশাসনে পৰহি মাজ নিশালৈ গাড়ী-মটৰ চলাচলত বিশেষ নির্দেশনা জাৰি কৰিছে। যান বাহন শাখাৰ উপায়ুক্তই জনোৱা মতে কেইবাটাও পথত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তীর্থযাত্রী, ভক্ত, দিব্যাংগসকলৰ সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ লগতে জৰুৰীকালীন সেৱাৰে জড়িত যান-বাহনৰ চলাচল সুচল কৰাৰ বাবে এই বাধা আৰোপ কৰা হৈছে। অম্বুবাচী মেলাৰ সময়ছোৱাত নামনিৰ পৰা কামাখ্যা মন্দিৰলৈ উঠি যোৱা পথছোৱাত কোনো বাহন চলাচল কৰিব নোৱাৰিব। ইপিনে, ভক্তসকল যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰে’ল ষ্টেচন আৰু পাণ্ডু ঘাটত দুটাকৈ আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসৱী সংগঠনে ভক্তসকলক খাদ্য যোগান ধৰিছে। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ইপিনে, কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক