ডাউনলোড
মোবাইল এপ

android apple
signal

অম্বুবাচী মেলাৰ সামৰণিৰ পাছত ভক্তৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি

পাঁচ-দিনীয়া অম্বুবাচী মেলাৰ অন্ত পৰাৰ পাছত আজি পুৱা ভক্তৰ বাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় ৷ কালি নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি ঘটে যদিও আজি পুৱা নিত্য-নৈমত্তিক পূজা-অৰ্চনাৰ পাছতে মন্দিৰৰ মূল দুৱাৰ মুকলি কৰা হয় ৷ ইতিমধ্যে মেলাৰ কেইদিনত নীলাচল পাহাৰৰ কামাখ্যা ধামত লাখ লাখ ভক্ত-দর্শনাৰ্থীৰ সমাগম হৈছিল। ইয়াৰ মাজতে কালি মন্দিৰৰ মূল দুৱাৰ খোলাৰ সন্দৰ্ভত মন্দিৰ কৰ্তৃপক্ষৰে একাংশ সাধু-সন্নাসীৰ মতবিৰোধ হয়। প্ৰতিবাদকাৰীসকলে তেওঁলোকক দুৰ্য্যৱহাৰ কৰা বুলি কামাখ্যা ধামত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অধিক পঢ়ক

সকলো চাওক