অমৃত বৃক্ষ আন্দোলন টু পইণ্ট জিৰো এপ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন টু পইণ্ট জিৰো এপ মুকলি কৰে। উল্লেখযোগ্য যে, অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণৰ সফলতাৰ পাছত অহা ১ আগষ্টৰ পৰা ১০ আগষ্টলৈ অমৃত বৃক্ষ টু পইণ্ট জিৰোৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে ৩ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে নিজা নাৰ্ছাৰীৰ পৰা ৪ কোটিৰো অধিক গছপুলি ব্যৱহাৰ কৰিব। যাৰ ভিতৰত ৩ কোটি গছপুলি ৰোপণৰ বাবে আৰু ১ কোটি গছপুলি প্ৰতিষ্ঠাপনৰ বাবে সংৰক্ষণ কৰি ৰখা হ’ব। গছপুলি বিতৰণৰ সুবিধাৰ বাবে সমগ্ৰ ৰাজ্যতে ৪ হাজাৰ বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। তদুপৰি চৰকাৰে সমাগত বছৰবোৰত ১০ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইফালে, যোৰহাট জিলাত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ বন বিভাগে এই বৰ্ষত ৰূপায়ণ কৰিবলৈ লোৱা অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত পর্যালোচনা সভাখনত স্বাস্থ্য, শিক্ষা, কৃষি, পঞ্চায়ত আৰু গ্ৰামোয়ন, লোকনির্মাণ, বন, জনস্বাস্থ্য কাৰিকৰী মহিলা আৰু শিশু কল্যাণ আদি বিভিন্ন বিভাগৰ বিষয়াসকলে নিজ নিজ বিভাগসমূহৰ কাম-কাজ আৰু আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে। এইবৰ্ষত যোৰহাট জিলাত ১১ লাখ ৩ হাজাৰ ৭৩৩ জোপা গছপুলি ৰোপনৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি উল্লেখ কৰি যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে যোৱাটো বৰ্ষৰ দৰে এইবাৰো অমৃত বৃক্ষ আন্দোলন সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে। বিশেষকৈ শৈক্ষিক অনুষ্ঠান প্ৰতিৰক্ষা বিভাগ, কৃষক আৰু আত্মসহায়ক গোট, চাহ বাগিচা, অংগনবাড়ী কর্মী, আশাকর্মী, বে-চৰকাৰী প্ৰতিষ্ঠান আদিক সম্পূর্ণ সহযোগিতা আগবঢ়াই জিলাখনত এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে আয়ুক্তগৰাকীয়ে আহ্বান জনায়। সভাত জিলা বন সংমণ্ডল বিষয়াগৰাকীয়ে ১৫ দিনীয়া অমৃত বৃক্ষ আন্দোলনৰ বিভিন্ন দিশ অৱগত কৰে। গছপুলি লাভ কৰিবৰ বাবে কাইলৈৰ পৰা ৩১ জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰিব লাগিব আৰু ১২ আগষ্টৰ ভিতৰত গছপুলিসমূহ সংশ্লিষ্ট গাঁও পঞ্চায়ত, পৌৰসভা, আৰক্ষী থানা আদিৰ পৰা সংগ্ৰহ কৰিব লাগিব।

অধিক পঢ়ক

সকলো চাওক