ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি তিনিচুকীয়া জিলাত গছপুলি ৰোপণ, জিঅ’ টেগিং, আপলোড আদি অব্যাহত আছে। জিলাখনত আজি কেইবাটাও আত্ম-সহায়ক গোটৰ লগতে বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীসকলে গছপুলি ৰোপণ কৰে। যোৰহাট জিলাতো জিলা আৰক্ষী অধীক্ষকৰ উদ্যোগত আৰক্ষী ছাউনীত গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ অভিযান আৰম্ভ কৰে।
Site Admin | August 7, 2024 6:31 PM | amrit briksha andolan | Amrit Brikshya Andolan 2024
অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অংশ হিচাপে তিনিচুকীয়াত গছপুলি ৰোপণ, জিঅ’ টেগিং, আপলোড আদি অব্যাহত
