ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অর্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পর্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসীক চৌহদৰ উদ্যানত এটা অশোক গছৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীব আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই বছৰ এজুপি গছ মাৰ নামত শীৰ্ষক বিষয়বস্তুবে আজিৰেপৰা ১৫ আগষ্ট পর্যন্ত ৩ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি কাৰ্যসূচীত অংশ নোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, এগবাকী ব্যক্তিৰ জীৱনত নিজব মাতৃতকৈ শ্রেষ্ঠ কোনো হ’ব নোৱাবে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেড় মা কে নাম অভিযান আৰম্ভ কৰি দেশ তথা সমগ্ৰ বিশ্বব জনসাধাৰণক নিজব মাতৃৰ নামত একোটিকৈ গছপুলি ৰোপণৰ আহ্বান জনাইছিল। প্রধানমন্ত্রীৰ আহ্বানৰ অনুপ্রেৰণাৰে বাজ্য চৰকাৰে এই কাৰ্যসূচী গ্রহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। এইবছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰিবলগীয়া ৩ কোটি গছপুলি বন বিভাগে নিজ নাৰ্চাৰীত উৎপাদন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে, বিগত বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিসমূহৰ ৯৫ শতাংশ পুলি বৰ্তি আছে। এইবাৰৰ কাৰ্যসূচী ১৫ আগষ্টলৈ ধাৰ্য কৰা হৈছে যদিও প্রয়োজন সাপেক্ষে ২০ আগষ্টলৈ সময়সীমা বৃদ্ধি কৰা হ’ব। আজিৰ অনুষ্ঠানত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।
তামুলপুৰ জিলাত আজি ৰাজ্যৰ কেবিনেট মন্ত্রী তথা তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ জিলাখনত ৩ লাখ ৫৯ হাজাৰ ৭৬ জোপা গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি গছপুলি ৰোপণৰ পাছত অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি বাখি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। কোকবাঝাৰ জিলা প্রশাসন আৰু বিটিআবব বন বিভাগৰ উদ্যোগত আজি কোকৰাঝাৰত বডোফা সাংস্কৃতিক কেন্দ্ৰৰ চৌহদত গছপুলি ৰোপণ কৰা হয়। স্থানীয় বিধায়ক নৰেন্স ইছনাবীয়ে অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে এজুপি গছ মাৰ নামত শীৰ্ষক কার্যসূচীত অংশ লয়। মৰিগাঁও জিলাত আয়ুক্ত দেৱাশিষ শর্মাই আজি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পর্যায়ৰ শুভাৰম্ভ কৰে। তেওঁ কয় যে, সেউজ আৱৰণ বৃদ্ধিৰ বাবে বাজ্য চৰকাৰে গ্রহণ কৰা এই পদক্ষেপ মৰিগাঁও জিলাতো সফল কৰি তোলাৰ চেষ্টা চলোৱা হৈছে। বৰপেটা জিলাত আজি এজোপা মেহগনি গছৰ পুলি ৰোপণ কৰি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। আয়ুক্তগৰাকীয়ে প্রকাশ কৰা মতে জিলাখনত এইবাৰ ১২ লাখ ৯০ হাজাৰটা গছপুলি ৰোপণ কৰা হ’ব। ইয়াৰ বাবে ২ লাখ ৬০ হাজাৰ হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে। গছপুলিসমূহ ১২ আগষ্টৰ ভিতৰত ৰোপণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে জিলাখনত যোৱা বছৰত ৪.৫০ লাখ গছপুলি ৰোপণ কৰা হৈছিল। ডিমা হাচাও জিলাৰ হাফলঙতো আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ডিমা হাচাও জিলা প্রশাসনে বন বিভাগ আৰু আগৰতলা খণ্ডৰ হাফলং বেটেলিয়নৰ সহযোগত হাফলং আৱৰ্ত ভৱনত গছপুলি ৰোপণ কৰে। এই কাৰ্যসূচীত ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱনান গাৰ্লোচাই গছপুলিসমূহ বিতৰণ কৰে। শোণিতপুৰ জিলা প্রশাসন আৰু বন বিভাগৰ উদ্যোগত আজি ভোমোৰাগুৰি বন সংমণ্ডল কাৰ্যালয়ৰ সমীপৱৰ্তী কনিয়াভোমোৰা দলঙৰ কাষত গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱ কুমাৰ মিশ্রৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্রহণ কৰে। এইবাৰ শোণিতপুৰত যোৱা বছৰৰ তিনিগুণ অর্থাৎ ১২ লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। জিলাখনৰ আয়ুক্তগৰাকীয়ে কয় যে, ৪ আগষ্টত শোণিতপুৰ জিলা দিৱস উদযাপনৰ অংশ হিচাপে আন এটা বাগিচা অভিযান ৰূপায়ণ কৰা হ’ব।
তিনিচুকীয়া জিলাৰ গুইজান উন্নয়ন খণ্ডৰ অন্তর্গত কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত আজি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে আজি গছপুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তেওঁ কয় যে, জিলাখনত ১১ লাখ ৫০ হাজাৰ গছপুলি ১৫ আগষ্টৰ ভিতৰত ৰোপণৰ লক্ষ্য নোৱা হৈছে। সকলো শ্ৰেণীৰ ৰাইজক গছপুলি ৰোপণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত আজি এই কার্যসূচীব আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জিলাখনত ১২ লাখ ৫০ হাজাৰতকৈ অধিক গছপুলি ৰোপণ কৰা হ’ব বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। লখিমপুৰ জিলা প্রশাসনৰ উদ্যোগত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলাখনত এইবাৰ ১৩ লাখ ২৯ হাজাৰৰো অধিক গছপুলি ৰোপণ আৰু বিতৰণব লক্ষ্য লোৱা হৈছে।
Site Admin | August 1, 2024 7:20 PM | amrit brikshya andolan | Amrit Brikshya Andolan 2024 | Assam | Tree Plant