অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসীক চৌহদৰ উদ্যানত এটা অশোক গছৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই বছৰ এজুপি গছ মাৰ নামত শীৰ্ষক বিষয়বস্তুৰে আজিৰেপৰা ১৫ আগষ্ট পর্যন্ত ৩ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি কাৰ্যসূচীত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, এগৰাকী ব্যক্তিৰ জীৱনত নিজৰ মাতৃতকৈ শ্রেষ্ঠ কোনো হ’ব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেড় মা কে নাম অভিযান আৰম্ভ কৰি দেশ তথা সমগ্ৰ বিশ্বৰ জনসাধাৰণক নিজৰ মাতৃৰ নামত একোটিকৈ গছপুলি ৰোপণৰ আহ্বান জনাইছিল। প্রধানমন্ত্ৰীৰ আহ্বানৰ অনুপ্ৰেৰণাৰে ৰাজ্য চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। এইবছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰিবলগীয়া ৩ কোটি গছপুলি বন বিভাগে নিজৰ নাৰ্চাৰীত উৎপাদন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে, বিগত বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিসমূহৰ ৯৫ শতাংশ পুলি বর্তি আছে।

May be an image of 2 people, tree, dais and text

এইবাৰৰ কাৰ্যসূচী ১৫ আগষ্টলৈ ধাৰ্য কৰা হৈছে যদিও প্রয়োজন সাপেক্ষে ২০ আগষ্টলৈ সময়সীমা বৃদ্ধি কৰা হ’ব। আজিৰ অনুষ্ঠানত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে। তামুলপুৰ জিলাত আজি ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ জিলাখনত ৩ লাখ ৫৯ হাজাৰ ৭৬ জোপা গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি গছপুলি ৰোপণৰ পাছত অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা প্ৰশাসন আৰু বিটিআৰৰ বন বিভাগৰ উদ্যোগত আজি কোকৰাঝাৰত বডোফা সাংস্কৃতিক কেন্দ্ৰৰ চৌহদত গছপুলি ৰোপণ কৰা হয়।

May be an image of 6 people, dais and text

স্থানীয় বিধায়ক লৰেন্স ইছলাৰীয়ে অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে এজুপি গছ মাৰ নামত শীর্ষক কার্যসূচীত অংশ লয়। মৰিগাঁও জিলাত আয়ুক্ত দেৱাশিষ শৰ্মাই আজি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। তেওঁ কয় যে, সেউজ আৱৰণ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপ মৰিগাঁও জিলাতো সফল কৰি তোলাৰ চেষ্টা চলোৱা হৈছে। বৰপেটা জিলাত আজি এজোপা মেহগনি গছৰ পুলি ৰোপণ কৰি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে জিলাখনত এইবাৰ ১২ লাখ ৯০ হাজাৰটা গছপুলি ৰোপণ কৰা হ’ব। ইয়াৰ বাবে ২ লাখ ৬০ হাজাৰ হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে। গছপুলিসমূহ ১২ আগষ্টৰ ভিতৰত ৰোপণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

May be an image of 7 people and textMay be an image of 11 people, tree, dais and textMay be an image of one or more people, crowd and templeMay be an image of 4 people, tree and text that says "Shri Forest Minister Chandra Mohan ForestoffEnvironmentand Environment Patowary Planted by Minister fAssamc Kamrup cum District Guardian GPS Map Camera A Mapa Kamrup AS India Palasbari,Kamrup, Palasbari Kamrup, 781134, AS, India Lat 26.099057, Long 91 422007 08/01/2024 12:28 PM GMT GMT+05:30 Note Captured by GPS Map Camera"

উল্লেখযোগ্য যে জিলাখনত যোৱা বছৰত চাৰে ৪ লাখ গছপুলি ৰোপণ কৰা হৈছিল। ডিমা হাচাও জিলাৰ হাফলঙতো আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ডিমা হাচাও জিলা প্ৰশাসনে বন বিভাগ আৰু আগৰতলা খণ্ডৰ হাফলং বেটেলিয়নৰ সহযোগত হাফলং আৱৰ্ত ভৱনত গছপুলি ৰোপণ কৰে। এই কাৰ্যসূচীত ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোৰ্চাই গছপুলিসমূহ বিতৰণ কৰে। শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ উদ্যোগত আজি ভোমোৰাগুৰি বন সংমণ্ডল কাৰ্যালয়ৰ সমীপৱৰ্তী কলিয়াভোমোৰা দলঙৰ কাষত গছপুলি ৰোপণ কৰা হয়।

Image

এই অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এইবাৰ শোণিতপুৰত যোৱা বছৰৰ তিনিগুণ অর্থাৎ ১২ লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। জিলাখনৰ আয়ুক্তগৰাকীয়ে কয় যে, ৪ আগষ্টত শোণিতপুৰ জিলা দিৱস উদযাপনৰ অংশ হিচাপে আন এটা বাগিচা অভিযান ৰূপায়ণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক