ডাউনলোড
মোবাইল এপ

android apple
signal

February 16, 2025 9:01 PM | EAM Dr S Jaishankar

printer

অমানত অনুষ্ঠিত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অমানৰ ৰাজধানী মাস্কটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰি কয়, যে সমগ্ৰ বিশ্ব পৰিৱৰ্তনৰ ঢৌৰ মাজেৰে অগ্ৰসৰ হৈ থকাৰ মাজতে এই সন্মিলন অনুষ্ঠিত হৈছে। তেওঁ কয়, যে আন্তর্জাতিক ব্যৱস্থাসমূহত দেখা দিয়া পৰিৱৰ্তনক নতুন বিচাৰধাৰা তথা সিদ্ধান্তৰ উপৰি বিশ্বৰ সন্মুখত আহি পৰা পৰিস্থিতিৰ দৃষ্টিভংগীৰেও বুজিব পাৰি। তেওঁ কয়, যে ভাৰতীয় সমুদ্ৰ ক্ষেত্ৰ এই নীতিৰ পৰা পৃথক নহয়। এই সন্মিলনৰ জৰিয়তে অংশীদাৰীসকলৰ মাজত একতাৰ সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। ভাৰত-পশ্চিম এছিয়া ইউৰোপ অর্থনৈতিক কৰিডৰৰ হকে সামুহিক ভাৱধাৰাৰ প্ৰয়োজন সন্দৰ্ভত তেওঁ আলোকপাত কৰে। ভাৰত, ভিয়েটনাম আৰু মৰিছাছকে ধৰি কেইবাখনো দেশৰ নৌসেনা তথা তট ৰক্ষকসকলক প্ৰশিক্ষণ দি থকা হৈছে বুলিও তেওঁ সদৰী কৰে।

অধিক পঢ়ক

সকলো চাওক