আজি অভিযন্তা দিৱস। মহান অভিযন্তা ছাৰ এম বিশ্বেশ্বৰৈয়াৰ জয়ন্তীৰ লগত সংগতি ৰাখি পালন কৰা এই দিৱস উপলক্ষে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রযুক্তি খণ্ডৰ বিশেষজ্ঞসকলক শুভেচ্ছা জনায়। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে প্রগতি, উদ্ভাৱন আৰু জটিল প্ৰত্যাহ্বানৰ সমাধানৰ ক্ষেত্ৰত অভিযন্তাসকলৰ অৱদানৰ কথা স্বীকাৰ কৰে। ছাৰ এম বিশ্বেশ্বৰৈয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্রীমোদীয়ে কয় যে, অভিযান্ত্ৰিক ক্ষেত্ৰত তেওঁ আগবঢ়াই থৈ যোৱা অৱদানে আজিও দেশৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অভিযন্তা দিৱস উপলক্ষে প্ৰযুক্তিৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাই কয় যে, বিকাশ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অভিযন্তাসকল এখন দেশৰ মেৰুদণ্ডস্বৰূপ। প্ৰগতিৰ দিশে অগ্ৰসৰ ভৱিষ্যত গঢ়াৰ দিশত অভিযন্তাসকলৰ অৱদানৰ বিষয়েও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাইও ছাৰ এম বিশ্বেশ্বৰৈয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক মাধ্যমযোগে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰিকৰ অভিযন্তাসকলৰ অৱদানক স্বীকৃতি প্ৰদান কৰে৷
Site Admin | September 15, 2024 6:18 PM | Engineers’ Day