অবৈধ ধনৰ লেন-দেনৰ গোচৰত কেজৰিৱালক বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অবৈধ ধনৰ লেন-দেনৰ এটা গোচৰত বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ে আজি স্থগিতাদেশ জাৰি কৰিছে। ন্যায়াধীশ সুধীৰ কুমাৰ জৈনৰ এখন অৱকাশকালীন বিচাৰপীঠে, বিচাৰ আদালতে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰি দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ বিধি বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা এখন আবেদনৰ প্ৰত্যুত্তৰত এই নিৰ্দেশ জাৰি কৰে। উচ্চ ন্যায়ালয়ে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগসমূহ সমৰ্থন কৰাৰ লগতে বিচাৰ আদালতে তদন্তকাৰী সংস্থাটোৰ কথাক গুৰুত্ব দিয়া নাছিল বুলি কয়। ইয়াৰ পূর্বে উচ্চতম ন্যায়ালয়ে কালি দিল্লী উচ্চ ন্যায়ালয়ে বিচাৰ আদালতৰ নিৰ্দেশ স্থগিত ৰখাৰ বাবে দিয়া নির্দেশক প্রত্যাহ্বান জনাই কেজৰিৱালে দাখিল কৰা এখন আবেদন স্থগিত ৰাখি অহা বুধবাৰে অৰ্থাৎ কাইলৈ গোচৰটোৰ শুনানীৰ দিন ধাৰ্য্য কৰিছিল। সর্বোচ্চ ন্যায়ালয়ে বিধি বলবৎকাৰী সঞ্চালকালয়ে বিচাৰ আদালতৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ দাখিল কৰা আবেদনৰ চূড়ান্ত নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ে ইতিমধ্যে জাৰি কৰাৰ সম্ভাৱনা আছে বুলি গোচৰটোৰ শুনানী পিছুৱাই দিছিল। উল্লেখযোগ্য যে, কেজৰিৱালক যোৱা ২১ মাৰ্চত দিল্লী আৱকাৰী নীতি সন্দৰ্ভত হোৱা দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক