কেতবোৰ সংগঠিত অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ অপৰাধমূলক কাৰ্য্যকলাপ সন্দৰ্ভত মার্কিন কৰ্তৃপক্ষৰ পৰা পোৱা তথ্যৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত পূর্বে অপৰাধমূলক কাৰ্য্য-কলাপত জড়িত ব্যক্তিকো তদন্তৰ আওঁতালৈ আনিবলৈ পৰামৰ্শ দিছে। চৰকাৰী সূত্ৰৰ বাতৰি অনুসৰি, এনে ঘটনাৰ অনুসন্ধানৰ পাছত অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে আইনী ব্যৱস্থা শীঘ্ৰে সম্পন্ন কৰিবলৈও পৰামৰ্শ আগবঢ়োৱা হৈছে। প্ৰতিবেদনত এনে গুৰুতৰ অপৰাধমূলক ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশৰ প্ৰতিৰোধমূলক ব্যৱস্থাৱলীৰ উন্নয়ন সাধন, আৰু বিভিন্ন তদন্তকাৰী সংস্থাৰ মাজত সু-সমন্বয় নিশ্চিত কৰা আদি আন কেইবাটাও পৰামৰ্শ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে, আন্তর্জাতিক যোগাযোগ থকা কেতবোৰ সংগঠিত অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনে ভাৰত আৰু আমেৰিকাত কেতবোৰ সন্ত্ৰাসবাদী কাৰ্য্য-কলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰৰ তথ্য লাভৰ পাছতেই ২০২৩ বৰ্ষৰ নবেম্বৰ মাহত এই কমিটিখন গঠন কৰা হৈছিল। মার্কিন কর্তৃপক্ষই এই ক্ষেত্ৰত সম্পূর্ণ সহযোগিতা আগবঢ়ায় বুলি গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰই জানিবলৈ দিছে।
Site Admin | January 15, 2025 8:26 PM | Home Ministry
অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্য্যকলাপ সন্দৰ্ভত মার্কিন কৰ্তৃপক্ষৰ তথ্যৰ ভিত্তিত ভাৰত চৰকাৰে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদন দাখিল
