মহানগৰ আৰক্ষীয়ে অপহৰণ কাণ্ডৰে জড়িত থকাৰ অভিযোগত চাৰিজন অভিযুক্তক যোৱা নিশা গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৭ ছেপ্তেম্বৰত দুজনকৈ অচিনাকী লোকে গাড়ী ভাড়া কৰাৰ চলেৰে অমিত কুমাৰ সিংহ নামৰ চালক এজনক অপহৰণ কৰি মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলালৈ লৈ গৈছিল। ইতিমধ্যে চালক সিংহক আৰক্ষীয়ে উদ্ধাৰ কৰে। ইয়াৰ পাছতে যোৱা নিশা অভিযান চলাই গোৱালপাৰা জিলাৰ মফিদুল হক, ৰফিকুল হুছেইন, ছাৰিফুল ইছলাম আৰু মিজানুৰ ৰহমান নামৰ অভিযুক্ত চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমর্থ হয়। উল্লেখযোগ্য যে অপহৰণকাৰী দলটোৱে পশ্চিম গাৰো পাহাৰ জিলাৰ জংঘলত আৱদ্ধ কৰি ৰাখি সিংহৰ পৰিয়ালক মুক্তিপণ হিচাপে এক কোটি টকা দাবী কৰিছিল।
Site Admin | October 9, 2024 7:38 PM | Assam | Assam Police
অপহৰণ কাণ্ডত জড়িতৰ অভিযোগত ৪ অভিযুক্তক গোৱালপাৰা আৰু কোকৰাঝাৰৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ
