ডাউনলোড
মোবাইল এপ

android apple
signal

May 23, 2024 12:38 PM | Calcutta HC

printer

পশ্চিমবংগত ২০১০ চনৰ পাছৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণ-পত্র বাতিল

কলকাতা উচ্চ ন্যায়ালয়ে ২০১০ চনৰ পাছত পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণ-পত্র বাতিল কৰিছে। ন্যায়াধীশ তপোব্রতা চক্ৰৱৰ্ত্তী আৰু ন্যায়াধীশ ৰাজশেখৰ মন্থাক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি এই ৰায় প্ৰদান কৰে। এই ন্যায়ৰ ফলত অন্যান্য পিছপৰা শ্ৰেণীৰ ৫ লাখ প্ৰমাণ-পত্র বাতিল হ’ব। ন্যায়ালয়ে লগতে এই প্রমাণ-পত্ৰ ইতিমধ্যে ব্যৱহাৰ কৰাসকলক এই ৰায়ে প্রভাৱিত নকৰে বুলি স্পষ্ট কৰি দিছে। এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ কোনেও এই প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। খণ্ড বিচাৰপীঠখনে ২০১০ চনৰ পাছত এই প্ৰমাণ-পত্ৰ জাৰি কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সঠিক আইনী প্রক্রিয়া অনুসৰণ কৰা নাছিল বুলি মন্তব্য কৰে। ন্যায়ালয়ে লগতে পিছপৰা শ্ৰেণী কল্যাণ আয়োগে ১৯৯৩ চনৰ আইন অনুসৰি এই অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকা প্রস্তুত কৰিব বুলি নিৰ্দেশ দিয়ে ৷ তাৰ পাছত তালিকাখন বিধানসভালৈ প্ৰেৰণ কৰিব লাগিব। বিধানসভাৰ অনুমোদন সাপেক্ষে চূড়ান্ত নাম প্রকাশ কৰিব পৰা যাব। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰি ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁ প্ৰয়োজন হ’লে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

অধিক পঢ়ক

সকলো চাওক