ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশ, ছত্তিশগড়, হাৰিয়ানা, কৰ্ণাটক, কেৰালা, মধ্য প্রদেশ, পাঞ্জাব, তামিলনাড়ু, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে দেশৰ উন্নয়নৰ যাত্ৰাপথত এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণে আগবঢ়োৱা বৰঙণিৰ বিষয়ে উল্লেখ কৰে। একেদৰে উপ- ৰাষ্ট্ৰপতি শ্রী ধনখড়েও এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বাসিন্দাসকলক প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন জ্ঞাপন কৰাৰ লগতে উন্নয়নৰ পথত আগবাঢ়ি গৈ দেশৰ শান্তি আৰু সমৃদ্ধিৰ প্ৰতি অৱদান আগবঢ়াবৰ বাবে শুভকামনা জনায়। আনহাতে প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত প্রকাশ কৰা এটা সুকীয়া বাৰ্তাত এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণক সুখ, সমৃদ্ধি আৰু সাফল্যৰ বাবে শুভকামনা জনায়। কেউখন ৰাজ্যৰ বিশেষত্ব তথা গুৰুত্বৰ বিষয়ে সুকীয়াকৈ উল্লেখ কৰি শ্ৰী মোদীয়ে অঞ্চলসমূহ ক্রমান্বয়ে অধিক উন্নতিৰ পথত অগ্ৰসৰ হ’ব বুলি আশা প্ৰকাশ কৰে৷
Site Admin | November 1, 2024 5:19 PM | Akashvani | narendra modi | PMO India