অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতি

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ’ব বুলি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱান্থ ৰেড্ডীৰ সৈতে প্ৰবল বৰষুণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা বান সন্দৰ্ভত টেলিফোনেৰে বাৰ্তালাপ কৰে। হায়দাবাদকে ধৰি তেলেংগানাৰ বিভিন্ন অংশত কালিও ধাৰাষাৰ বৰষুণ অব্যাহত থাকে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যখনত সকলোবোৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ইপিনে, অন্ধ্ৰপ্ৰদেশত বিগত দুটা দিনত হোৱা নেৰানেপেৰা বৰষুণে ৰাজ্যখনৰ বিভিন্ন অংশত জনজীৱন বিপর্যস্ত কৰি তুলিছে। ৰাজ্য দুখনত বান সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ ২৬টা দল নিয়োগ কৰা হৈছে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত দক্ষিণ মধ্য ৰে’লৱে নেটৱৰ্কৰ অধীনত ৯৯ খন ৰে’লগাড়ীৰ যাত্ৰা বাতিল কৰাৰ লগতে ৪ খন ৰে’লগাড়ীৰ যাত্ৰা আংশিকভাৱে বাতিল কৰা হৈছে আৰু ৫৪ খনৰ যাত্ৰাপথ সলনি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক