April 17, 2024 10:47 AM | ECI BJP

printer

অন্ধ্রপ্রদেশ চৰকাৰৰ বিৰুদ্ধে নির্বাচন আয়োগক অভিযোগ দাখিল বিজেপিৰ

বিজেপিৰ এটা প্ৰতিনিধি দলে কালি নির্বাচন আয়োগক সাক্ষাৎ কৰি এন ডি এ কৰ্মীক অপব্যৱহাৰ কৰাৰ বাবে জগন মোহন ৰেড্ডী নেতৃত্বাধীন অন্ধ্রপ্রদেশ চৰকাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিং, ওম পাঠক, তেলেগু দেশম পাৰ্টিৰ সদস্য কে ৰবীন্দ্ৰ কুমাৰ, জনসেনা পাৰ্টিৰ অধ্যক্ষ এন মনোহৰ তথা অন্যান্য সদস্যৰে গঠিত প্রতিনিধি দলটোৱে নতুন দিল্লীত এই সন্দৰ্ভত আয়োগক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অৰুণ সিঙে কয় যে শাসকীয় ৰাজ্য চৰকাৰৰ সপক্ষে কাম কৰিবলৈ ৰাজ্যিক শাসন ব্যৱস্থাই হেঁচা প্রয়োগ কৰাৰ অভিযোগ সন্দৰ্ভত প্রতিনিধি দলটোৱে তদন্তৰ দাবী জনাইছে। তেওঁ কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত ভিডিঅ’গ্ৰাফী আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনী নিয়োগ কৰাৰ দাবীও উত্থাপন কৰা হৈছে। ইপিনে, জন সেনা পাৰ্টিৰ অধ্যক্ষ এন মনোহৰে কয় যে অন্ধ্ৰ প্ৰদেশৰ পৰিস্থিতি সন্দৰ্ভত নির্বাচন আয়োগক তাৎক্ষণিক পদক্ষেপ ল’বলৈ প্ৰতিনিধি দলটোৱে আহ্বান জনাইছে। একেদৰে, তেলেগু দেশম পাৰ্টিৰ সদস্য কে ৰবীন্দ্ৰ কুমাৰে শাসকীয় ৱাই এছ আৰ চি পি চৰকাৰৰ নিৰ্বাচনী আচৰণ বিধি উলংঘনক লৈ উদ্বেগ প্রকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক