অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। উত্তৰ প্ৰদেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ, মাও আৰু বন্সগাঁৱত জনসভাক সম্বোধন কৰে। তেওঁ কয় যে, দেশে বিজেপি-এন ডি এ চৰকাৰৰ সু অভিপ্ৰায় আৰু নীতিসমূহৰ বাবে তৃতীয়টো কাৰ্যকালৰ বাবে পুনৰ একেই চৰকাৰ গঠনৰ সিদ্ধান্ত লৈছে। শ্ৰীমোদীয়ে এই বুলি দাবী কৰে যে, তেওঁ দেশৰ দৰিদ্ৰ, দলিত আৰু পিছপৰা লোকসকলৰ বাবে সমর্পিত। তেওঁ আৰু কয় যে, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী তথা অন্যান্য অৱহেলিত লোকসকলৰ বাবে থকা সংৰক্ষণ ধৰ্মৰ ভিত্তিত মুছলমানসকলক দিয়া নহ’ব। যোগী চৰকাৰৰ অধীনত মাফিয়াসকলৰ বিৰুদ্ধে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে আজি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত মির্জাপুৰ, চান্দৌলি, গাজিপুৰ আৰু গৌৰখপুৰত কেইবাখনো জনসভাক সম্বোধন কৰে। শ্ৰীযোগীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন নতুন ভাৰত প্ৰত্যক্ষ কৰিব পৰাতো আমাৰ বাবে পৰম সৌভাগ্য। তেওঁ কয় যে, দেশ গোলকীয় শক্তিৰ দিশে আগবাঢ়িছে আৰু ১০ বছৰত দেশৰ সীমান্ত সম্পূৰ্ণ ৰূপে সুৰক্ষিত হিচাপে গঢ়ি তোলা হৈছে। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি চালেমপুৰ আৰু বল্লিয়াত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে । তেওঁ কয় যে, আজিৰ জনসাধাৰণ মুদ্রাস্ফীতিৰ বৰ্ধিত হাৰ আৰু নিবনুৱা সমস্যাক লৈ যথেষ্ট ক্ষোভিত হৈ আছে। বিজেপিৰ কাৰ্যকালত খেতিয়কসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰা হ’ব বুলি কৰা ভুৱা প্ৰতিশ্ৰুতিৰে দেশৰ কৃষকসকলক ঠগি আহিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ এই বুলিও দাবী কৰে যে, বিজেপিৰ কাৰ্যকালত ডাঙৰ ডাঙৰ গৃহ নিৰ্মাণৰ বাবে লোৱা ২৫ লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে কিন্তু আই এন ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে খেতিয়কসকলৰ ঋণ ৰেহাই দিয়া হ’ব। কংগ্ৰেছৰ মুখপাত্র পৱন খেড়াই আজি বাৰাণসীত এখন সংবাদমেল সম্বোধন কৰি কয় যে, চৰকাৰে দেশৰ কৃষক সম্প্রদায়ক ভুৱা প্ৰতিশ্ৰুতিৰে ঠগি আহিছে বুলি আজিৰ কৃষকসকলে অনুভৱ কৰিবলৈ লৈছে।

অধিক পঢ়ক

সকলো চাওক