অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লবেল ছাউথ অর্থাৎ অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। ইটালীৰ অপুলিয়াত অনুষ্ঠিত G-7 শীর্ষ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয় যে, ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকীয় সংঘক G-20 ৰাষ্ট্ৰ গোষ্ঠীৰ স্থায়ী সদস্য পদ প্ৰদান কৰাটো দেশৰ বাবে গৌৰৱৰ কথা। শ্রীমোদীয়ে কয় যে, ভাৰতে ২০৭০ বৰ্ষলৈকে শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ভাৰতৰ মিছন লাইফৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেওঁ আৰম্ভ কৰা প্লাণ্ট ফ’ৰ মাডাৰ অৰ্থাৎ‍ এজোপা গছ মাৰ নামত শীৰ্ষক অভিযানত অংশগ্ৰহণ কৰিবলৈ গোলকীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে এই অভিযানক গণ আন্দোলণত পৰিণত কৰিবলৈও আহ্বান জনায়।
ভাৰতৰ কৃত্রিম বুদ্ধিমত্তা অভিযান সন্দৰ্ভত মতপ্রকাশ কৰি শ্ৰীমোদীয়ে কয় যে, সকলোৰে প্ৰগতি আৰু কল্যাণ ত্বৰান্বিত কৰাই এই প্ৰযুক্তিৰ মূল লক্ষ্য হোৱা উচিত। তেওঁ কয় যে, ভাৰতে কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় জোঁটৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰৰ হকে কাম কৰি আহিছে। প্রধানমন্ত্ৰীয়ে G-7 ৰাষ্ট্ৰগোষ্ঠীক ইয়াৰ ৫০ সংখ্যক বাৰ্ষিকীৰ অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে, এই সন্মিলনত অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে সন্তুষ্টিৰ বিষয়। শ্রীমোদীয়ে লগতে কয় যে, মানৱীয় দৃষ্টিভংগী আধাৰিত প্ৰযুক্তিহে সফল হয়। তেওঁ লগতে ৰাজহুৱা সেৱা প্ৰদানৰ বাবে ডিজিটীয় প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ সফলতাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পূৰ্বে সন্মিলনৰ অধ্যক্ষ ৰাষ্ট্ৰ ইটালীৰ প্ৰধানমন্ত্রী জিঅ’জিয়া মেলনিয়ে কয় যে, পশ্চিমীয়া দেশসমূহক বাকী অংশৰ পৰা পৃথক কৰিব খোজা ব্যাখ্যা কোনো কাৰণতে স্বীকাৰ্য নহয়। তেওঁ কয় যে, ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সহযোগিতাৰেহে গোলকীয় প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ব পৰা যায়। সন্মিলৰ আউত্ৰিছ সত্ৰ বৰ্তমান সময়ৰ আটাইতকৈ প্ৰাসংগিক প্ৰত্যাহ্বান বিষয়ক আলোচনাৰ নামত উৎসর্গিত। ইয়াৰ ভিতৰত কৃত্রিম বুদ্ধিমত্তা, শক্তি, আফ্রিকা আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ সৈতে জড়িত বিভিন্ন বিষয় অন্যতম।

অধিক পঢ়ক

সকলো চাওক