অনির্দিষ্ট কাললৈ স্থগিত লোকসভাৰ কাৰ্যক্ৰমণিকা

অনির্দিষ্ট কাললৈ স্থগিত লোকসভাৰ কাৰ্যক্ৰমণিকা
লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিম্ন সদনত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। তেওঁ কয় যে জনসাধাৰণে লোকসভা নিৰ্বাচনত সুস্থিৰতা আৰু ধাৰাবাহিকতাৰ হকে জনাদেশ দিছে আৰু তেওঁৰ চৰকাৰে তৃতীয় কাৰ্যকালত তিনিগুণ অধিক শক্তি আৰু গতিৰে কাম কৰি তিনিগুণ সফলতা লাভ কৰিব। কংগ্ৰেছক কটাক্ষ কৰি শ্ৰীমোদীয়ে কয় যে দেশবাসীয়ে দলটোক বিৰোধী পক্ষত বহাৰ বাবে ভোটদান কৰিছে আৰু মূল বিৰোধী দলটোৱে একেৰাহে তিনিবাৰ সাধাৰণ নিৰ্বাচনত ১০০ খন আসন অতিক্ৰম কৰিবলৈ সমৰ্থ হোৱা নাই। তেওঁ কয় যে কংগ্ৰেছ আৰু সমৰ্থকসকলে তেওঁলোকে এন ডি এক পৰাজিত কৰা বুলি জনসাধাৰণক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে অপপ্ৰচাৰ চলোৱাৰ পাছতো লোকসভা নিৰ্বাচনত সন্মুখীন হোৱা পৰাজয়ৰ বাবে তেওঁলোকে পোৱা বেথাক তেওঁ বাৰুকৈয়ে অনুভৱ কৰিব পাৰিছে। এইবাৰৰ সাধাৰণ নিৰ্বাচনত পৰিপক্বতা আৰু জ্ঞানৰ পৰিচয় দিয়াৰ বাবে শ্রীমোদীয়ে দেশৰ জনসাধাৰণক ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে তেওঁৰ চৰকাৰৰ নীতি, অভিপ্ৰায় আৰু নিষ্ঠাৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু সেইবাবে এন ডি এ চৰকাৰক তৃতীয় কাৰ্যকালৰ বাবে ক্ষমতাত অধিষ্ঠিত কৰিছে। শ্রীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে একমাত্ৰ ভাৰত প্ৰথম মূলমন্ত্ৰৰে পৰিচালিত হৈ আহিছে আৰু সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত জনসাধাৰণে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিলৈ সমর্থন আগবঢ়াইছে। শ্রীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে একাংশৰ বাবে তোষামোদ নহয় বৰং সকলোৰে বাবে ন্যায়ৰ নীতি অনুসৰণ কৰি আহিছে। বৰ্তমান চৰকাৰে সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে কাম কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে তেওঁৰ উত্তৰত বিৰোধী নেতা ৰাহুল গান্ধীৰ নাম উল্লেখ নকৰাকৈ নেতাগৰাকীয়ে অগ্নিবীৰ আৰু ন্যূনতম সমৰ্থন মূল্যৰ বিষয় লৈ সদনক বিপথে পৰিচালিত কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে শ্রীগান্ধী সম্প্রতি এটা দুৰ্নীতিৰ গোচৰত জামিনত আছে আৰু অন্যান্য পিছপৰা শ্ৰেণীক অপমান কৰাৰ বাবে তেওঁক দোষী সাব্যস্ত কৰা হৈছে। কংগ্ৰেছ নেতাগৰাকী কেইবাটাও মানহানিৰ গোচৰৰ সন্মুখীন হোৱা বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। কংগ্ৰেছে সংবিধান আৰু সংৰক্ষণক লৈ অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ তুলি শ্রীমোদীয়ে কয় যে দলটোৱে লোকসভা নিৰ্বাচনত জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। কংগ্ৰেছে ইয়াৰ অৰ্থনৈতিক নীতি আৰু জাতি তথা অঞ্চল আধাৰিত বিভাজনকামী ৰাজনীতিৰে অৰাজকতা সৃষ্টি কৰা বুলি প্রধানমন্ত্রীয়ে অভিযোগ তোলে। প্রধানমন্ত্রীয়ে কয় যে লোকসভা নির্বাচনৰ সমান্তৰালভাৱে বিধানসভা নির্বাচন অনুষ্ঠিত চাৰিখন ৰাজ্যত এন ডি এই বিপুল ভোটত জয়লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভাষণ দিয়াৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সদনত প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই বিৰোধী পক্ষৰ একাংশ সাংসদৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকক সদনত শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। তাৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে শ্লোগান অব্যাহত ৰাখে।

অধিক পঢ়ক

সকলো চাওক