প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰদান কৰা অনাৰেৰী অৰ্ডাৰ অব্ ফ্ৰীদম অব্ বার্বাডোছ পুৰস্কাৰৰ বাবে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।
সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে তেওঁ লাভ কৰা এই পুৰস্কাৰটো ১৪০ কোটি ভাৰতীয় নাগৰিকৰ প্ৰতি আৰু ভাৰত আৰু বাৰ্বাদোছৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ নামত উৎসৰ্গা কৰে। উল্লেখযোগ্য যে কোভিড-১৯ মহামাৰীৰ সময়ত দিয়া সুদক্ষ নেতৃত্ব আৰু গোলকীয় সহযোগিতাৰ বাবে শ্ৰী মোদীক এই সন্মানীয় পুৰস্কাৰ প্ৰদান কৰা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৰিত্ৰ মাৰ্ঘেৰিটাই বার্বাডোছৰ ব্ৰীজ টাউনত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ হৈ এই সন্মান গ্ৰহণ কৰে। শ্ৰী মাৰ্ঘেৰিটাই প্রধানমন্ত্ৰীৰ হৈ এই সন্মান গ্রহণ কৰিব পৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে।