কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে অনাদায় ঋণ আৰু উচ্চ মূলধনী পর্যাপ্ততাৰ অনুপাত কম হোৱা বাবেই ভাৰতৰ বেঙকিং ব্যৱস্থা শক্তিশালী হৈ আছে। তেওঁ কয় যে, গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ বিনিয়োগ বৃদ্ধিৰ বাবে আৱশ্যকীয় ঋণ প্ৰদান কৰাটো বিত্তীয় ক্ষেত্ৰৰ নিৰন্তৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ কলোম্বিয়া বিশ্ববিদ্যালয়ৰ এটা সত্ৰক সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। পূৰ্বতে সেৱাৰ পৰা বঞ্চিত হৈ থকা লাখ লাখ লোকক ডিজিটেল বিত্তীয় ব্যৱস্থাৰে সামৰি লোৱাৰ ফলত ভাৰতীয় অৰ্থব্যৱস্থাৰ আঘাত সহাৰ ক্ষমতা আৰু বৃদ্ধি পাইছে। তেওঁ কয় যে, সমগ্ৰ দেশত যোগাযোগ সুনিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰতমালা আৰু সাগৰমালাৰ দৰে বৃহৎ প্ৰকল্প ৰূপায়ণৰ ফলত ভাৰতত আন্তঃগাঁথনিৰ বিকাশ ত্বৰান্বিত হৈছে।
Site Admin | October 22, 2024 3:37 PM | Nirmala Sitaraman
অনাদায় ঋণ আৰু উচ্চ মূলধনী পর্যাপ্ততাৰ অনুপাত কম হোৱা বাবেই ভাৰতৰ বেঙকিং ব্যৱস্থা শক্তিশালী হৈ আছেঃ বিত্তমন্ত্রী সীতাৰমণ
