ডাউনলোড
মোবাইল এপ

android apple
signal

অনাগত ২৫ বছৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে ৰাষ্ট্ৰীয় একতা অত্যন্ত গুৰুত্বপূৰ্ণঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধান হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অনাগত ২৫ বছৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে ৰাষ্ট্ৰীয় একতা অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ কয় যে বিগত ১০ বছৰত চৰকাৰে নিজৰ নীতি আৰু সিদ্ধান্তৰ জৰিয়তে ‘এক ৰাষ্ট্ৰ’ৰ ভাৱনাক সদায় শক্তিশালী কৰি আহিছে। ৰাষ্ট্ৰীয় একতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে দেশৰ সন্মুখত এনে বহু প্ৰত্যাহ্বান আছে, যিসমূহে একতা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত শংকাৰ সৃষ্টি কৰে। তেওঁ নাগৰিকসকলক এইক্ষেত্ৰত সদায় সজাগ হৈ থকাৰ লগতে ভাৰতৰ ‘অনৈক্যৰ মাজত ঐক্য’ৰ ধাৰণাক আঁকোৱালি ল’বলৈ আহ্বান জনায়। দেশৰ নতুন ইতিহাস ৰচনা কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে গোলকীয় নেতৃত্ব হিচাপে ভাৰতৰ উত্থান ঘটিছে। তেওঁ কয় যে ভাৰত বৰ্তমান এখন প্রগতিশীল আৰু বিবেকশীল ৰাষ্ট্ৰ, যিয়ে অনিশ্চিত গোলকীয় পৰিস্থিতিৰ মাজতো দ্রুত বিকাশৰ পথত আগবাঢ়িছে। আনহাতে, দেশৰ একতা বজাই ৰখাৰ ক্ষেত্ৰত লৌহমানৱগৰাকীৰ অৱদানৰ কথা সুঁৱৰি প্ৰধানমন্ত্রী মোদীয়ে কয় যে চৰ্দাৰ পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী সমগ্ৰ দেশতে পৰৱৰ্তী দুটা বছৰলৈ পালন কৰা হ’ব। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একতা নগৰৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ একতাৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য নিবেদন কৰে। তেওঁ লগতে জনসাধাৰণক একতা দিৱসৰ সংকল্প পাঠো কৰোৱায় আৰু একতা দিৱসৰ কুচ-কাৱাজ প্ৰত্যক্ষ কৰে। এইবাৰৰ একতা দিৱসৰ পেৰেডত ৯ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনী, চাৰিটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, এন চি চি আৰু মাৰ্চিং বেণ্ডকে ধৰি ১৬ টা গোটে অংশগ্ৰহণ কৰে। সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰতীয় সমৰকলা, ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ গোটে বিমানেৰে আকাশত ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰাৰ লগতে বিদ্যালয়ৰ কণ কণ শিক্ষার্থীসকলে পাইপ্‌ল্ড বেণ্ড প্ৰদৰ্শন কৰে।

অধিক পঢ়ক

সকলো চাওক