অনাগত সময়ত চৰকাৰে ৩ কোটি পকী গৃহ নিৰ্মাণৰ লগতে সকলো বাসগৃহলৈ পাইপযোগে গেছ যোগানৰ ব্যৱস্থাঃ  বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে গোৱাক এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনন্য উদাহৰণ বুলি অভিহিত কৰিছে। গোৱাৰ ভাস্কোত কালি বিয়লি নির্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, অনাগত সময়ত চৰকাৰে ৩ কোটি পকী গৃহ নিৰ্মাণ কৰিব আৰু সকলো বাসগৃহলৈ পাইপযোগে গেছ যোগানৰ ব্যৱস্থা কৰিব। কংগ্ৰেছে মাছমৰীয়া সকলক অৱহেলা কৰা বুলিও অভিযোগ তুলি শ্রীমোদীয়ে কয় যে, এন ডি এ চৰকাৰে মাছমৰীয়াসকলৰ বাবে সুকীয়া মন্ত্ৰ্যালয় গঠন কৰিছে। গোৱাৰ দুখন লোকসভা আসনৰ বাবে ৭ মে’ত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এইবেলি বিজেপিয়ে উত্তৰ গোৱা সমষ্টিত বৰ্তমানৰ সাংসদ শ্ৰীপদ নায়কক আৰু দক্ষিণ গোৱাত পল্লৱী ডেম্পক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে কংগ্ৰেছে প্রাক্তন কেন্দ্রীয়মন্ত্ৰী ৰমাকান্ত খালাপ আৰু ভিৰিয়াটো ফাৰ্ণানডেজক উত্তৰ আৰু দক্ষিণ গোৱা সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

অধিক পঢ়ক

সকলো চাওক