ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2024 7:22 PM | India Govt.

printer

অনগ্ৰসৰ শ্ৰমিকসকলৰ সুবিধাৰ্থে প্রধানমন্ত্রী আবাস যোজনাৰ সময়সীমা বৃদ্ধি কৰাৰ ব্যৱস্থা শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ

শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে অনগ্ৰসৰ শ্ৰমিকসকলৰ সুবিধা হোৱাকৈ প্রধানমন্ত্রী আবাস যোজনাৰ সময়সীমা বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শ্রম মন্ত্ৰালয়ে সকলো ৰাজ্য চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰি নিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ লগতে চুক্তিবদ্ধ শ্রমিক তথা অন্যান্য অ-সংগঠিত খণ্ডৰ শ্ৰমিকক ইয়াত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। কেন্দ্রীয় মন্ত্রী সভাই প্রধানমন্ত্রী আবাস যোজনাৰ সুবিধাসমূহ ২০২৪-২৫ৰ পৰা ২০২৮-২৯ চনলৈ অতিৰিক্ত ৫ বছৰৰ কাৰণে বৃদ্ধি কৰাত অনুমোদন জনোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই যোজনাৰ সময়সীমা বৃদ্ধিৰ জৰিয়তে ২ কোটি অতিৰিক্ত গৃহ উপযুক্ত হিতাধিকাৰীক প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰমিকসকলক বাসগৃহৰ প্ৰয়োজনীয়তা সম্পৰ্কে গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্র্যালয়ে লগতে প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত এই শ্ৰমিকসকলক সামৰি লোৱা কাৰ্যই তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে তেওঁলোকক সামাজিক ন্যায় প্ৰদানৰ ক্ষেত্ৰতো ই এটা প্ৰয়োজনীয় পদক্ষেপ বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক