দেশৰ নৱৰত্ন কোম্পানীৰ অন্যতম – অইল ইণ্ডিয়া লিমিটেডে এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত অসম চৰকাৰৰ সৈতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা আচুতীয়া সাক্ষাৎকাৰত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথে এই বিষয়ে প্ৰকাশ কৰি কয় যে অইলে গুৱাহাটীকে ধৰি অসমৰ পাঁচখন নগৰত নগৰীয়া গোটা আৱৰ্জনাৰ পৰা উচ্চ চাপযুক্ত জৈৱ গেছ উৎপাদন প্রকল্প স্থাপন কৰিব। তিনিচুকীয়া নগৰত স্থাপন কৰিবলগীয়া প্ৰথমটো এনে প্ৰকল্পৰ বাবে নিবিদা জাৰি কৰা হৈছে আৰু পৰৱৰ্ত্তী দুবছৰৰ ভিতৰত এই প্ৰকল্পৰ পৰা উৎপাদন আৰম্ভ হ’ব।
ইয়াৰ উপৰি অইল ইণ্ডিয়াই অসম শক্তি উন্নয়ন নিগমৰ সৈতে অসমত এটা ভূগৰ্ভৰ পৰা তাপবিদ্যুৎ শক্তি উৎপাদন প্রকল্প স্থাপনৰ বাবে আন এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। অসমত সেউজীয়া হাইড্ৰ’জেন চালিত বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰতো অইল ইণ্ডিয়াই অসম চৰকাৰৰ সৈতে আন এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে বুলি ড০ ৰথে জানিবলৈ দিয়ে।
Site Admin | February 26, 2025 7:47 PM | Oil India Ltd
অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীকে ধৰি অসমৰ পাঁচখন নগৰত নগৰীয়া গোটা আৱৰ্জনাৰ পৰা উচ্চ চাপযুক্ত জৈৱ গেছ উৎপাদন প্রকল্প স্থাপন কৰিব
