পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ৱাক্ফ সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ বিজেপিয়ে ৰাজ্যপাল ড০ চি ভি আনন্দ বসুক আহ্বান জনাইছে। ৰাজ্যপালগৰাকীলৈ লিখা এখন পত্ৰত ৰাজ্যিক সভাপতি ড০ সুকান্ত মজুমদাৰে ঘটনা সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে এই ঘটনা সংক্রান্তত আদালতৰ নিৰীক্ষণত বিশেষ তদন্তকাৰী দলৰ তদন্তৰ আহ্বান জনাই শশাংক শেখৰ ঝা নামৰ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।
ইফালে কালি সীমান্ত সুৰক্ষা বাহিনীৰ ইষ্টাৰ্ন কামাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰবি গান্ধীয়ে মুৰ্ছিদাবাদৰ ছমশ্বেগঞ্জ অঞ্চল পৰিদৰ্শন কৰে। তেওঁ পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ আৰু দক্ষিণ বংগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুপ্রতীম সৰকাৰৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত জংগীপুৰ আৰক্ষী জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে পশ্চিমবংগৰ অন্যান্য জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ অন্তত অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে কয়, যে বি এছ এফ আৰু আৰক্ষীয়ে যৌথভাৱে মুৰ্ছিদাবাদৰ সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহত শান্তি-শৃংখলা বজাই ৰাখিবলৈ কাম কৰা উচিত। আকাশবাণী কলকাতাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি মুৰ্ছিদাবাদৰ সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহৰ ভালেসংখ্যক লোকে মালদাহ জিলাৰ বৈষ্ণৱ নগৰৰ সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। শিক্ষা ৰাজ্য মন্ত্ৰী তথা বিজেপিৰ পশ্চিমবংগৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে সাহায্য শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰি এই অঞ্চলসমূহত সীমান্ত সুৰক্ষা বাহিনীৰ নিয়োগৰ সময়সীমা বৃদ্ধিৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন জনাব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে, বিগত সপ্তাহত ছমশ্বেৰগঞ্জ, ছুতি, জংগীপুৰকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত রফ সংশোধনী আইন ২০২৫ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়। ৰাজ্যখনৰ দক্ষিণ চৌবিশ পৰগণাৰ ভানগড় এলেকাতো কালি ৱকফ সংশোধনী আইন প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে একে পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ জোৱানক আক্ৰমণ কৰাৰ লগতে বাহনসমূহৰো ক্ষতি কৰি জ্বলাই দিয়ে। একেদৰে কাশীপুৰ অঞ্চলত প্ৰতিবাদকাৰীসকলে ৯ জন আৰক্ষীৰ লোকক আক্ৰমণ কৰি তেওঁলোকৰ বাহন সমূহত অগ্নি সংযোগ কৰে। আৰক্ষীয়ে এই ঘটনা সংক্রান্তত ৮ জন লোকক আটক কৰিছে।
Site Admin | April 15, 2025 2:43 PM | Supreme Court of India | Waqf (Amendment) Bill
ৱাকফ সংশোধনী আইন ২০২৫ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত সংঘটিত ঘটনাৰ তদন্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন দাখিল
