উচ্চতম ন্যায়ালয়ে ৱকফ সংশোধনী আইন সন্দৰ্ভত আজি অন্তৱৰ্তীকালীন আদেশ যোগে ৱকফ বোর্ডৰ কেন্দ্ৰীয় পৰিষদত কোনো নিযুক্তি দিয়াটো বাৰণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰ, ৱকফ বোর্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক সাত দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে।
মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি লৈ ন্যায়ালয়ে চৰকাৰে উত্তৰ দিয়াৰ ৫ দিনৰ ভিতৰত আবেদনকাৰীয়েও উত্তৰ দিব লাগিব বুলি জাননীত উল্লেখ কৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি ৫ মেত অনুষ্ঠিত হ’ব। ইয়াৰ আগেয়ে ন্যায়ালয়ত কালি অনুষ্ঠিত শুনানিত কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৱকফ সংশোধনী আইনৰ সপক্ষে আগবঢ়োৱা যুক্তি শুনে। ছলিচিটৰ জেনেৰেলগৰাকীয়ে এই ক্ষেত্ৰত ন্যায়ালয়ে কোনো অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পাছত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিজৰ শপতনামা দুসপ্তাহৰ ভিতৰত দাখিল কৰাৰ বাবে জাননী জাৰি কৰে। শুনানিৰ সময়ত আদালতে দেশৰ বিভিন্ন অংশত ৱক্ফ আইনক লৈ সৃষ্টি হোৱা হিংসাত্মক প্রতিবাদ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু এই পৰিস্থিতি শীঘ্ৰেই নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক নিৰ্দেশ দিয়ে।
১৯৯৫ চনৰ ৱকফ আইনৰ সংশোধনীৰ সাংবিধানিক বৈধতাক লৈ কেইবাখনো ৰাজ্যই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।
Site Admin | April 17, 2025 7:56 PM | SC - Woqf
ৱকফ সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশ জাৰি
