দেশত বাঁহৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় বাঁহ অভিযানৰ অধীনত অসমত ২০১৮- ১৯ বিত্তীয় বৰ্ষৰ পৰা প্ৰায় ১৯ বর্গ কিলোমিটাৰ এলেকাত বাঁহ ৰোপণ কৰা হৈছে। কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে এই বিষয়ে উল্লেখ কৰি কয়, যে বিগত ছটা বছৰত অসমত অভিলেখ হাৰত বাঁহ ৰোপণ কৰা হৈছে। ২০২১ বৰ্ষত অসমত বাঁহ ৰোপণ কৰা এলেকা ১০ হাজাৰ ৬৫৯ বর্গ কিলোমিটাৰ আছিল যদিও ২০২৩ বৰ্ষত এই এলেকা ১১ হাজাৰ ২৪৬ বর্গ কিলোমিটাৰলৈ বৃদ্ধি হয়। এই পর্যন্ত ৰাজ্যখনত ১০ খন বাঁহৰ নাৰ্চাৰী স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি এই নাৰ্চাৰী বা পুলি বাগানসমূহত বাঁহৰ পুলি উৎপাদনৰ ক্ষমতা বছৰি আঢ়ৈ লাখ বুলি শ্ৰী ঠাকুৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় বাঁহ অভিযানৰ অধীনত অসমৰ ৰাজ্যিক বাঁহ উন্নয়ন সংস্থাই বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰত ৯ খন বাঁহৰ পুলি বাগান স্থাপন কৰিছে। তদুপৰি বৰ্ষাৰণ্য গৱেষণা সংস্থাতো এখন পুলিবাগান মুকলি কৰা হৈছে। অসমৰ বাঁহ-বেতৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত ৰাজ্যিক বাঁহ উন্নয়ন সংস্থাইও বিভিন্ন পদক্ষেপ লৈছে। অসম ভ্ৰমণলৈ অহা পর্যটকসকলে ৰাজ্যখনৰ বাঁহ-বেত শিল্পক নতুন ৰূপ দিয়া সামগ্ৰীসমূহ ক্ৰয় কৰিব পৰাকৈ পৰ্যটনস্থলীসমূহৰ সমীপত বিপণীও স্থাপন কৰা হৈছে। কেন্দ্ৰীয় আঁচনিৰ অধীনত বাঁহৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কৃষকসকললৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বাঁহ ৰোপণৰ লগতে ইয়াৰ প্ৰ-সংস্কৰণ, বিপণন আৰু ব্ৰেণ্ড হিচাপে সাজু কৰাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিছে বুলি তেওঁ উল্লেখ কৰে। বাঁহৰ সামগ্ৰীসমূহৰ বিপণনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ই-মার্কেট প্লেচ ব্যৱস্থা কাৰ্যকৰী কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। অতিৰিক্তভাৱে অসমকে ধৰি অন্যান্য বাঁহ উৎপাদনকাৰী ৰাজ্যসমূহত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন আলোচনাচক্র, কর্মশালা, সজাগতা কাৰ্যসূচী আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | March 26, 2025 12:30 PM | assam bamboo project
ৰাষ্ট্ৰীয় বাঁহ অভিযানৰ অধীনত অসমত ২০১৮- ১৯ বিত্তীয় বৰ্ষৰ পৰা প্ৰায় ১৯ বর্গ কিলোমিটাৰ এলেকাত বাঁহ ৰোপণ
