ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৫ত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠান, অসমৰ তৃতীয় স্থান

■ ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৫ৰ পঞ্চায়ত ক্ষমতা নির্মাণ সর্বোত্তম সংস্থা পুৰস্কাৰ শিতানত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠান, অসমে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। পঞ্চায়তৰ সামৰ্থ বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৱে এই সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰিছে। ১৯৮৭ চনত প্ৰতিষ্ঠা হোৱা এই প্রতিষ্ঠানটোৱে প্রশিক্ষণ, উদ্ভাৱনী কৌশল অৱলম্বনেৰে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালীকৰণৰ দিশত বিভিন্ন ফলপ্রসূ পদক্ষেপ গ্রহণ কৰি আহিছে। প্ৰতিষ্ঠানটোৱে সৰ্বমুঠ ১২ হাজাৰ ৮১৭টা প্ৰশিক্ষণ কাৰ্যসূচীৰে এতিয়ালৈকে ৩ লাখ ৫৭ হাজাৰ ৯৯৮ গৰাকী প্ৰশিক্ষাৰ্থীক বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰিছে। ইয়াৰোপৰি ৰূপান্তৰ প্ৰকল্পৰ জৰিয়তে উদ্যমিতাৰ প্ৰশিক্ষণ, ডিজিটেল তথা কম্পিউটাৰ সাক্ষৰতা আদিৰ দৰে বিভিন্ন

প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে গ্রাম্য ৰূপান্তৰৰ দিশত বিশেষ অৰিহণা আগবঢ়াই আহিছে। অহা ২৪ এপ্রিলত হ’বলগীয়া ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠানটোলৈ এই পুৰস্কাৰ আগবঢ়াব। এই শিতানত কেৰেলাৰ স্থানীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানে প্ৰথম আৰু ওড়িশাৰ ৰাজ্যিক গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানে দ্বিতীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। অসমৰ হৈ এই পুৰস্কাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিশেষ সচিব মুনীন্দ্র নাথ শৰ্মাই গ্ৰহণ কৰিব ৷

অধিক পঢ়ক

সকলো চাওক