ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত ক্ৰমাৎ‍ অপৰাধমূলক ঘটনা হ্ৰাস পাইছে: মুখ্যমন্ত্রী

ৰাজ্যত ক্ৰমাৎ‍ হত্যা, ধর্ষণকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। গৃহ বিভাগৰ দায়িত্বত থকা ড° শৰ্মাই আইন-শৃংখলা সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত বিগত কেইবাটাও বছৰৰ অপৰাধমূলক ঘটনাৰ তথ্য দাঙি ধৰি গুৱাহাটী মহানগৰীত সংঘটিত ধৰ্ষণৰ ঘটনাসমূহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ টহল বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে। তদুপৰি বিভিন্ন হোটেল, বাৰ আদিত চকু ৰখাৰ উপৰি এনে ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ ব্যৱস্থা কৰি দোষীৰ ওপৰত আইন সংগত ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত ড° শৰ্মাই দিয়া তথ্য অনুসৰি ২০২০ চনত ১,১৩১ টা, ২০২১ চনত ১,১৯২ টা, ২০২২ চনত ১,০৭২ টা, ২০২৩ চনত ১,০২৫ টা, ২০২৪ চনত ৯২৬ টা আৰু চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰী পর্যন্ত ৰাজ্যত ১০২ টা হত্যাৰ ঘটনা সংঘটিত হৈছে। একেদৰে ২০২০ চনত ১,৬৫৭ টা, ২০২১ চনত ১,৭৩৩ টা, ২০২২ চনত ১,১১৩ টা, ২০২৩ চনত ৯৮৯ টা, ২০২৪ চনত ১,০১৯ টা আৰু চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰী পৰ্যন্ত ১২১ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। ড্ৰাগছ, ভাং, হেৰ’ইন আদিৰ ব্যৱসায় প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত গ্ৰহণ কৰা ব্যৱস্থাৰ কথাও তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক