অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিদিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। গল্প, উপন্যাস, প্রবন্ধ, জীৱনী, সাধুকথা, ইতিহাস অধ্যয়ন, কবিতা, নাটক, গীত ৰচনাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াই যোৱা বেজবৰুৱাই ভিন্নৰুচিৰ লেখাৰে সাহিত্য ক্ষেত্ৰক সমৃদ্ধ কৰি থৈ গৈছে। কৃপাবৰ বৰুৱা ছদ্মনামত কৃপাবৰী ৰচনা সাহিত্য সৃষ্টি কৰি কেৱল সাহিত্যলৈ অৱদান আগবঢ়োৱাই নহয়, সমাজ সংস্কাৰৰ ক্ষেত্ৰতো বেজবৰুৱাই অৰিহণা আগবঢ়াই গৈছে। অসমীয়া জাতিৰ মনোবল আৰু আত্ম মর্যাদাবোধ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বেজবৰুৱাৰ অৱদান অনস্বীকাৰ্য আৰু চিৰস্মৰণীয়।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস আজি অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰিছে। সভাই কেন্দ্ৰীয়ভাৱে মৰিগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত আৰু আঁহতগুৰি শতদল সাহিত্য সভাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আঁহতগুৰি শ্ৰীমন্ত শংকৰগুৰু কীৰ্তনঘৰত এই দিৱস অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দিনৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সাহিত্য সভাৰ মূল অনুষ্ঠানৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত শাখা সাহিত্য সভাসমূহেও সাহিত্য দিৱস পালন কৰিছে। ওদালগুৰি জিলা সাহিত্য সভাইও জ্ঞানমালিনী স্বর্ণশাখা সাহিত্য সভা, ধোপগুৰিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সাহিত্য দিৱস পালন কৰে।
পাঠশালা সাহিত্য সভাৰ উদ্যোগতো আজি সাহিত্যৰথীগৰাকীৰ স্মৃতি দিৱস সাহিত্য দিৱস উদযাপন কৰা হয়। পুৱা পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ, সাহিত্যৰথীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু মুকলি আলোচনা অনুষ্ঠিত হয়। ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ত ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত সাহিত্য দিৱসৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেইবাগৰাকীও আলোচকে বেজবৰুৱাৰ জীৱন সম্পৰ্কে ব্যাখ্যা কৰে৷
Site Admin | March 26, 2025 8:21 PM | Laxminath Bezbaruah Death Anniversary
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিদিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন
