হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয় উপাচার্য ড° ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত উত্তীৰ্ণ মুঠ ২৩১ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত তিনিগৰাকীক সোণৰ পদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিক্ষার্থীও আছে। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই বিশ্ববিদ্যালয়সমূহ কেৱল ডিগ্ৰী প্ৰদানৰ অনুষ্ঠানতে সীমিত নাথাকি বৃত্তিমুখী শিক্ষাৰ কেন্দ্ৰৰূপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত মূল ভাষণ দি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তই বয়সৰ লেখেৰে কম হ’লেও ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ে ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰত নিজৰ স্বকীয় পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে বুলি মন্তব্য কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° মানৱেন্দ্ৰ দত্ত চৌধুৰী, বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্র, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
Site Admin | January 28, 2025 8:16 PM | AIR GUWAHATI | Akashvani
ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চৌহদত অনুষ্ঠিত
