ডাউনলোড
মোবাইল এপ

android apple
signal

April 7, 2025 11:18 AM | Assam Bihu

printer

ৰঙালী বিহুক লৈ ৰাজ্যত উখল-মাখল পৰিৱেশ, ভিন্ন প্ৰান্তত বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

ৰঙালী বিহুলৈ এসপ্তাহ বাকী থকা অৱস্থাত উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। এইবেলিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্রামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে পৰিৱৰ্তন সাধন কৰাৰ সময়তো গ্ৰামাঞ্চলৰ বহু ঠাইত ঢেঁকীৰ শব্দ শুনা গৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। ইয়াৰ বিপৰীতে ঢুলীয়া-নাচনীসকলৰ বিহুৰ আখৰা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ঠায়ে ঠায়ে বিহু ঢোলৰ চেও আৰু বিহুনামে চৌদিশ মুখৰিত কৰি তুলিছে। সদাব্যস্ত গুৱাহাটী মহানগৰবাসীও ব’হাগক আদৰাৰ বাবে সাজু হৈ উঠিছে। মহানগৰীত মুকলি বিহু উদযাপনৰ লগতে কেইবাখনো ঐতিহ্যমণ্ডিত বিহুতলীত মঞ্চ বিহু উদযাপনৰ প্ৰস্তুতিও প্রায় সম্পূৰ্ণ হৈ উঠিছে। গুৱাহাটীৰ লতাশিল, গণেশগুৰি, চানমাৰি, বেলতলা, ভৰলুমুখ আদি অঞ্চলত আড়ম্বৰপূৰ্ণভাৱে বিহু উদযাপন কৰা হ’ব। ইপিনে, মঞ্চবিহুত জনসাধাৰণক আমোদ দিয়াৰ বাবে শিল্পীসকলো সাজু হৈছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহুৰ প্ৰস্তুতিৰ বাবে কৰ্মশালা, আখৰা আদি অন্তিম পৰ্যায়ত উপনীত হৈছে। লখিমপুৰত ফাটবিহু সমিতিৰ উদ্যোগত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ঢকুৱাখনাৰ ফাটবিহু বাকৰিত আয়োজিত কর্মশালাত তিনি শতাধিক প্রশিক্ষার্থীয়ে অংশ লৈছে। সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত পহিলা ব’হাগত হ’বলগীয়া মুকলি বিহুৰ বাবে কালি লাইখুঁটা স্থাপন কৰা হয়। বিহু নাচ গানৰ লগতে ব’হাগ বিহুৰ সৈতে জড়িত বিভিন্ন ৰীতি-নীতি পালনৰ বাবে ৰাজ্যবাসী সাজু হৈছে। ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান আশ্বাস আৰু নৱম বাৰ্ষিক ডিব্ৰুগড় ৱৰ্কশ্বপ ৰে’লৱে বিহু উদযাপন সমিতিৰ উদ্যোগত যোৱা ২৮ মাৰ্চৰ পৰা অনুষ্ঠিত বিহুনাচ আখৰাৰ কালি সামৰণি পৰে। এই আখৰাত কমেও আঢ়ৈশ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। লোকনৃত্যৰ প্ৰশিক্ষক দিগন্ত বৰা, বৰ বিহুৱতী, পূবালী গগৈ ঘৰফলীয়া আৰু বিহুৱতী প্ৰস্তুতি বৰদলৈয়ে প্ৰশিক্ষণ প্ৰদান কৰে। গুৱাহাটীৰ বেলতলা বিহু উদযাপন সমিতিয়ে এইবছৰো অহা ২৪ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ বেলতলা বিদ্যালয় খেল পথাৰত ৪৮ সংখ্যক ব’হাগী উৎসৱৰ আয়োজন কৰিছে। এই উপলক্ষে কালি আয়োজিত এখন সংবাদমেলত উদ্যোক্তাসকলে এই বিষয়ে সদৰি কৰি কয়, যে এইবেলি বিহু উদযাপন সমিতিৰ সৰ্বোচ্চ সন্মান ড° ভূপেন হাজৰিকা বঁটা কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হ’ব। তদুপৰি ৰাজ্যৰ বিভিন্ন বিহুমঞ্চত শ্রেষ্ঠত্ব অর্জন কৰা বিহুৱতীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি পাটমাদৈ বঁটা প্ৰদান কৰা হ’ব। তিনিদিনীয়া কাৰ্যসূচীত হুঁচৰি, সাংস্কৃতিক সন্ধিয়া আৰু ১০ গৰাকী জ্যেষ্ঠ শিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে সংবাদমেলত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক