সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনাটো চেৰা বা এৰা বিহু হিচাপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লোৱা হয়। এনেদৰে বিচনীবে জুব ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়। চেৰা বিহুৰ সৈতে বিভিন্ন ৰীতি-নীতি প্রচলিত আছে। ৰাজ্যৰ ঠায়ে ঠায়ে আজি বিহু উৰুওৱা বা বিহু ভঙা উৎসৱ পালন কৰা হ’ব। উজনি অসমৰ কোনো কোনো স্থানত আজি পৰম্পৰা অনুসৰি ৰাইজে বৰগছৰ গুৰিত হাঁচতি আগবঢ়াই বিহু উৰুওৱাৰ প্ৰথা আছে। মাজুলীৰ কমলাবাৰী সত্ৰত আজি চেৰা বিহু উপলক্ষে পুৱাতে প্ৰসংগ শেষ হোৱাৰ পাছত গায়ন-বায়নৰ সমষ্ট প্ৰসংগ বন্ধ ৰখা হয়। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানুহ বিহুৰ দিনা লোৱা বিহুৱানবোৰ ধুই আজি বিহুক বিদায় দিয়া হয়।
ইপিনে নামনি অসমৰ বিভিন্ন প্ৰান্তত আজি সাতবিহু বা চেৰা বিহু উপলক্ষে সাতশাকিৰ পৰম্পৰা ৰক্ষা কৰা হয়। বিহুৰ সপ্তম দিন উপলক্ষে আজি সাতবিধ শাকৰ ভাজি খোৱা হয়। কোনো কোনো ঠাইত সাত শাক তুলিবলৈ যাওতে সাতশাকি গীত গোৱাৰো পৰম্পৰা আছে।
Site Admin | April 20, 2025 11:19 AM | Rongali bihu
সাদিনীয়া ৰঙালী বিহুৰ আজি চেৰা বা এৰা বিহু
