সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই দিনটোত কীৰ্তি চিহ্ন আৰু ঐতিহ্যৰ স্থানসমূহৰ দিন হিচাপেও জনা যায়৷ এই বছৰ এই দিৱসৰ বিষয় বস্তু হৈছে : ঐতিহ্যমণ্ডিত স্থানসমূহত দুৰ্যোগ আৰু সংঘাতৰ ভাবুকি৷ বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা তথা সেইসমূহৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ১৮ এপ্ৰিলৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। বিগত বছৰসমূহত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত ভাৰতৰ স্থিতি উন্নত হৈ উঠা পৰিলক্ষিত হৈছে। এই তালিকাত ভাৰতৰ ৪৩টা স্থান অন্তৰ্ভুক্ত হৈ আছে আৰু ৬২টা স্থান এতিয়াও ইউনেস্ক’ৰ সম্ভাব্য তালিকাত মনোনীত হৈ আছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকত ১৯৮৩ চনত আগ্ৰা কিলাৰ অন্তৰ্ভুক্তিৰ পাছত তাজমহল, অজন্তা আৰু ইলোৰা গুহাৰ অন্তৰ্ভুক্তিৰে ভাৰতৰ এই যাত্ৰাৰ আৰম্ভণি হৈছিল। এই স্থানসমূহক ইতিহাসৰ প্ৰতীক হিচাপে সংৰক্ষণ কৰাই নহয় বৰং আহিবলগীয়া প্ৰজন্মসমূহৰ বাবে শিকনৰ স্থান হিচাপেও সংৰক্ষণ কৰা হৈছে। এই দিৱস উপলক্ষে আজি ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগে ইয়াৰ অধীনৰ দেশৰ বিভিন্ন প্ৰান্তৰ কীৰ্তি চিহ্ন তথা স্থানসমূহ দৰ্শনৰ বাবে জনসাধাৰণৰ প্রৱেশ বিনামূলীয়া কৰিছে।
Site Admin | April 18, 2025 10:22 AM | WORLD HERITAGE DAY
সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন
