■ শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষে সমাগত পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি দিছে। এই চৰ্তসমূহৰ ভিতৰত আছে সকলো ৰাজনৈতিক দল, প্রার্থী, নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰচাৰকসকলে অসম ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা আদৰ্শ আচৰণবিধি কঠোৰভাৱে মানি চলিব লাগিব। স্থবিৰ বা চলন্ত বাহনত পুৱা ৬ বজাৰ আগতে আৰু নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে যদি লাউড স্পীকাৰৰ জৰিয়তে ৰাজহুৱা স্থানত প্ৰচাৰ চলাব বিচাৰে তেন্তে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লাগিব। ইয়াৰ উপৰি লাউড স্পীকাৰৰ ভলিউম ১০ ডেচিবেলত সীমাবদ্ধ থাকিব লাগিব। লগতে, দুর্নীতি আৰু নিৰ্বাচনী অপৰাধ, যেনে উৎকোচ, ছদ্মবেশত ভোটদান, ভোটগ্রহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰৰ ভিতৰত প্ৰচাৰ, ভোটদানৰ সময়সীমা শেষ হোৱাৰ ৪৮ ঘণ্টাৰ আগতে ৰাজহুৱা সভা অনুষ্ঠিত, ভোটদাতাসকলক ভোটগ্রহণ কেন্দ্ৰলৈ নিবলৈ যান-বাহনৰ ব্যৱস্থা কৰা ইত্যাদি সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি যিকোনো ধৰ্মীয় স্থানত কোনো ধৰণৰ নিৰ্বাচনী পোষ্টাৰ, বেনাৰ বা ভাষণ দিয়াৰ অনুমতি দিয়া নহ’ব বুলি নির্বাচনী আদৰ্শ আচৰণ বিধি কোষে অৱগত কৰিছে।
Site Admin | April 22, 2025 12:49 PM | Akashvani Guwahati | Election | Local news | Panchyat election | Sribhumi
শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষৰ পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি
