কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে যোৱা বছৰৰ শেষলৈকে ই-নাম প’ৰ্টেলত ৪৩০০ৰো অধিক কৃষি উৎপাদন সংস্থাই পঞ্জীয়ন কৰিছে। তেওঁ লগতে কয় যে কৃষি উৎপাদন সংস্থাৰ ৪ কোটি ৮০ লাখৰো অধিক কৃষকক ২৪৯ কোটি টকাৰ ধনৰাশি বিতৰণ কৰা হৈছে। ৰাজ্যসভাৰ প্ৰশ্ন কালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কৃষি মন্ত্ৰীগৰাকীয়ে দেশত বৰ্তমানলৈকে ১০ হাজাৰ কৃষি উৎপাদন সংস্থা গঠন কৰা হৈছে বুলি প্ৰকাশ কৰে। দেশৰ ১,৪০০ৰো অধিক বজাৰে ই-নাম পৰ্টেলত পঞ্জীয়ন কৰাৰ কথা উল্লেখ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰ্টেলৰ জৰিয়তে কৃষকসকলে ঘৰত থাকিয়েই নিজৰ কৃষি ভূমিৰ এখন সম্পূৰ্ণ ফটো আপলোড কৰি এটা তুলনামূলক মূল্যৰ হিচাপ পাব পাৰে। শ্ৰীচৌহানে লগতে কয় যে ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে আন্তঃৰাজ্যিক ব্যৱসায়ৰ বাবে ই-নাম পৰ্টেলত যোগদান কৰিছে আৰু এতিয়ালৈকে আন্তঃৰাজ্যিক বাণিজ্যৰ অধীনত কৃষকসকলক প্রায় ৬ হাজাৰ কোটি টকা বিতৰণ কৰা হৈছে।
Site Admin | February 7, 2025 6:01 PM | Shivraj Singh Chauhan
যোৱা বছৰৰ শেষলৈকে ই-নাম প’ৰ্টেলত ৪৩০০ৰো অধিক কৃষি উৎপাদন সংস্থাই পঞ্জীয়ন কৰিছেঃ শিৱৰাজ সিং চৌহান
