ডাউনলোড
মোবাইল এপ

android apple
signal

মেলেৰীয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ

আজি বিশ্ব মেলেৰীয়া দিৱস। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰীয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।ধেমাজি জিলাত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কোষৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে আজি এই দিৱস পালন কৰা হয়। ধেমাজী লক্ষীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা সভাত বাহকজনিত ৰোগৰ জিলা নডেল বিষয়া ডাঃ যোগেন দাসে এই ৰোগৰ কাৰণ আৰু ল’বলগীয়া সাৱধানতাৰ বিষয়ে বিতংকৈ অৱগত কৰে। এই দিৱসৰ প্ৰাসংগিকতা আৰু ৰোগৰ সাৱধানতাৰ বিষয়ে জিলা প্ৰচাৰ মাধ্যম বিশেষজ্ঞ ডাঃ অচ্যুত গগৈয়ে আলোকপাত কৰে। জিলাখনৰ ৫ টা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বিভিন্ন অঞ্চলত মেলেৰীয়া দিৱসৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। বজালী জিলাত স্বাস্থ্য সজাগতা সমদলেৰে মেলেৰীয়া ৰোগৰ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। জিলাখনৰ নিত্যানন্দ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ছহিদ অখ্যেন্দ্র উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত বজালী জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মেলেৰীয়া বিভাগ, নিত্যানন্দ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ভালেসংখ্যক সচেতন নাগৰিকে অংশগ্ৰহণ কৰে।পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অঞ্চলত মেলেৰীয়া দিৱস উপলক্ষে কেইবাটাও সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। দংকামকাম খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত কুম্বপথাৰ আৰু উম্পানাই খণ্ড প্রাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত থাৰ্ভে লাংছ’ত দিনযোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।বঙাইগাওঁ জিলাতো আয়ুষ্মান আৰোগ্য মন্দিৰৰ লগতে ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত বিশ্ব মেলেৰীয়া দিৱস পালন কৰা হয়। এই উপলক্ষে কতাশবাৰী আৰোগ্য মন্দিৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে-আমি মেলেৰীয়া নিৰ্মূল কৰিব পাৰে৷-পুনৰ সঠিক পৰিকল্পনা আৰু সক্ৰিয়তাৰে মেলেৰীয়া নিৰ্মূলৰ হকে যুঁজ দিও আঁহক৷

অধিক পঢ়ক

সকলো চাওক