নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰোপাহাৰৰ পৰা নামি অহা ঢলে দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালো নদীৰ পাৰ খহাই নিয়াৰ উপৰি বিভিন্ন অঞ্চলত খহনীয়াৰ ভাবুকিৰ সৃষ্টি কৰিছে। গাৰোপাহাৰৰ পৰা নামি অহা ঢলে এটা পথ চিগি পেলোৱাৰ ফলত কালাপানী এলেকাত বিস্তৰ ক্ষতি হৈছে। নৈপৰীয়া অঞ্চলত সৃষ্টি হোৱা খহনীয়াই কালাপানী আৰক্ষী চকীৰ লগতে বিভিন্ন অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। স্থানীয় লোকসকলে এই সমস্যাৰ সমাধানৰ বাবে সংশ্লিষ্ট সকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Assamese | May 25, 2025 7:04 PM | South Salmara Mankachar
মেঘালয়ৰ গাৰোপাহাৰৰ পৰা অহা ঢলে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত কালো নদীৰ খহনীয়াৰ ভাবুকি